IND VS NED
IND VS NED 
মুখ্য-পৃষ্ঠা

টি-২০ বিশ্বকাপঃ নেডাৰলেণ্ডছৰ বিৰুদ্ধে জয়লাভ ভাৰতৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছে ২০২২ বৰ্ষৰ টি-২০ বিশ্বকাপ ক্ৰিকেট। উক্ত বিশ্বকাপত একাৰাহে দ্বিতীয়খন মেচত জয়লাভ ভাৰতৰ। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা লীগ পৰ্যায়ৰ এখন মেচত ৰোহিত বাহিনীয়ে ৫৬ ৰানৰ ব্যৱধানত পৰাস্ত কৰে নেডাৰলেণ্ডছক।

টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ভাৰতে। অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলি আৰু দলৰ প্ৰতিভাৱান বেটছমেন সূৰ্য কুমাৰ যাদৱৰ অৰ্ধশতকৰ সহায়ত ভাৰতে নেডাৰলেণ্ডছক জয়ৰ বাবে নিৰ্ধাৰিত ২০ অভাৰত ১৮০ ৰানৰ লক্ষ্য বান্ধি দিয়ে। সেই লক্ষ্য অনুসৰণ কৰি নেডাৰলেণ্ডছে ভাৰতীয় বলিঙৰ আগত তিষ্ঠিব নোৱাৰি নিৰ্ধাৰিত অভাৰত ৯ টা উইকেটৰ বিনিময়ত ১২৩ ৰান কৰি পৰাজয় স্বীকাৰ কৰে।

BHUBANESWAR KUMAR

উল্লেখ্য যে, আজিৰ মেচত ভাৰতৰ হৈ জ্যেষ্ঠ বলাৰ ভূৱনেশ্বৰ কুমাৰে ২টা মেডেন অভাৰসহ ২টা উইকেট দখল কৰাৰ লগতে অৰ্শদীপ, অভিজ্ঞ আৰ অশ্বিন আৰু অক্ষৰ পেটেলে ২টাকৈ উইকেট দখল কৰাৰ বিপৰীতে আন এটা উইকেট দখল কৰে মহম্মদ ছামিয়ে ।