মুখ্য-পৃষ্ঠা

পশ্চিমবংগত নতুন যান-বাহন আইন কাৰ্যকৰী নহয়ঃ মমতা বেনাৰ্জী…

asomiyapratidin

ডিজিটেল ডেস্কঃ পশ্চিমবংগত নতুন যান-বাহন আইন কাৰ্যকৰী নহয়। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে- তেওঁ নতুন যান-বাহন আইন কাৰ্যকৰী নকৰে ৰাজ্যখনত। গুজৰাট চৰকাৰে নতুন যান-বাহন আইনৰ জৰিমনা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচদিনাই মমতা বেনাৰ্জীয়ে কৰে এই মন্তব্য।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, যান-বাহন আইন উলংঘাৰ বাবে জৰিমনা বৃদ্ধি কৰাটো সমস্যাৰ সমাধান নহয়। ইয়াক মানৱীয় দৃষ্টিকোণেৰে চোৱাৰ প্ৰয়োজন আছে। সংবাদমাধ্যমৰ আগত মমতা বেনাৰ্জীয়ে কয় যে, ইয়াত দুৰ্ঘটনাৰ হাৰ হ্ৰাস পাইছে। পশ্চিমবংগত 'ছেফ ড্ৰাইভ, ছেফ লাইফ' অভিযানো চলোৱা হৈছে।

উল্লেখ্য যে, গুজৰাট চৰকাৰে মঙলবাৰে নতুনযান-বাহন আইন উলংঘাৰ জৰিমনা হ্ৰাস কৰিছে। গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণীয়েমঙলবাৰে ঘোষণা কৰে যে- 'নতুন যান-বাহন আইন অনুসৰি, হেলমেট পৰিধান নকৰা চালকে ১০০০টকা জৰিমনা ভৰিব লাগে। কিন্তু গুজৰাটত সেই জৰিমনা ৫০০ টকা কৰা হৈছে। তদুপৰি ছীটবেল্ট নিপিন্ধিলে ১০০০ টকাৰ পৰিৱৰ্তে ৫০০ টকা জৰিমনাহে বিহা হ'ব গুজৰাটত।'