মুখ্য-পৃষ্ঠা

কংগ্ৰেছৰ ২ বিধায়কৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান...

Asomiya Pratidin

ডিজিটেল ডেস্ক: শুকুৰবাৰে পুৱা ঝাৰখণ্ডৰ দুই গৰাকী কংগ্ৰছী বিধায়ক অনুপ সিং আৰু প্ৰদীপ যাদৱৰ বাসগৃহত আয়কৰ বিভাগে অভিযান আৰম্ভ কৰিছে। তথ্য অনুসৰি, আয়কৰ বিভাগৰ দলটোৱে পোদিয়াতৰ বিধায়ক প্ৰদীপ যাদৱ, বেৰ্মোৰ বিধায়ক অনুপ সিং আৰু নেতা শিৱশংকৰ যাদৱৰ ঘৰত ৱাই উপস্থিত হৈ অভিযান আৰম্ভ কৰে।

বিহাৰ আৰু ঝাৰখণ্ডৰ আইডি দলে গোড্ডা, ৰাঁচীৰ কাংকে ৰোড আৰু ডোৰাণ্ডাৰ গোপন আস্তানাত অভিযান চলাই আছে।

উল্লেখ্য যে, বৃহস্পতিবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে বিজেপিৰ ওপৰত কটাক্ষ মন্তব্য কৰি কৈছিল যে জনজাতীয়, দলিত আৰু সংখ্যালঘু সকলৰ মাজত ইউপিএৰ জনপ্ৰিয়তাই ভয়ৰ সৃষ্টি কৰিছে।

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক বৃহস্পতিবাৰে ইডিৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু তেওঁ উপস্থিত হোৱা নাছিল। তেওঁ কৈছিল যে তেওঁক চমন প্ৰেৰণ নকৰিব, পোনপটীয়াকৈ গ্ৰেপ্তাৰ কৰিব।

লগতে তেওঁ কৈছিল যে বিজেপিয়ে ভাবে যে তেওঁলোকে কাৰাগাৰত ৰাখি ভয় খুৱাব। আমি এই ষড়যন্ত্ৰৰ উপযুক্ত প্ৰত্যুত্তৰ দিম। জনতা আমাৰ লগত আছে গতিকে আমি যিকোনো যুঁজ কৰিবলৈ সাজু। বিজেপিক আক্ৰমণ কৰি তেওঁ কয় যে চিবিআই আৰু ইডিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে শাসকীয় দলটোৱে।