মুখ্য-পৃষ্ঠা

দাৰ্জিলিঙত ভূমিস্খলনঃ ব্যাহত যাতায়াত ব্যৱস্থা, ক্ষতিগ্ৰস্ত যান-বাহন…

asomiyapratidin

ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ দাৰ্জিলিঙৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৃষ্টিপাত। বৰষুণৰ ফলত ভূমিস্খলন, কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত ভীষণ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ। বুধবাৰে দাৰ্জিলিঙৰ তিন্ধাৰীয়াত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত ব্যাহত হৈ পৰিছে যান-বাহন চলাচল।

অঞ্চলটোৰ এটা বাসগৃহ ভাঙি যোৱাৰ লগতে কেবাইখনো যান-বাহন ক্ষতিগ্ৰস্ত হয়। তদুপৰি দাৰ্জিলিং হিমালয়ান ৰেলৱেত ভূমিস্খলনৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে। ৰেলৱে বিভাগে ৰেল পথটোৰে পুনৰ যাতায়াত অব্যাহত কৰিবলৈ আৰম্ভ কৰিছে কাম-কাজ।