imran khan
imran khan  
মুখ্য-পৃষ্ঠা

তেওঁক হত্যা কৰিবলৈ আহিছিলো, বাচি গ'ল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ''ইমৰান খানক হত্যা কৰিবলৈ বিচাৰিছিলো, কিন্তু তেওঁ বাচি গ'ল। মোৰ উদ্দেশ্য আছিল তেওঁক গুলীয়াই হত্যা কৰা আন কোনো ব্যক্তি মোৰ লক্ষ্য নাছিল।''- এই বিস্ফোৰক স্বীকাৰোক্তি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক হত্যা কৰিবলৈ অপচেষ্টা কৰা মহম্মদ নাভিদ নামৰ লোকজনৰ।

বৃহস্পতিবাৰে এক ৰেলীত অংশগ্ৰহণ কৰাৰ সময়ত দুৰ্বৃত্তৰ বন্দুকৰ লক্ষ্য হৈ পৰা ইমৰান খানৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। তেওঁৰ ভৰিৰ পৰা তিনিটাকৈ গুলী আঁতৰ কৰিছে চিকিৎসকে। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ৱাজিৰাবাদত বৃহস্পতিবাৰে বিয়লি সংঘটিত হৈছিল এই ঘটনা।

যোৱা ২৮ অক্টোবৰৰ পৰা নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে চৰকাৰৰ বিৰুদ্ধে ৰেলী অব্যাহত ৰখা পি টি আই দলৰ বৃহস্পতিবাৰৰ ৰেলীৰ সময়ত সংঘটিত হোৱা এই গুলী চালনাৰ ঘটনাত ১৩ জনকৈ লোক আহত হৈছে। উল্লেখ্য যে, এই গুলীচালনাৰ ঘটনাৰ পিছতো ইমৰান খানৰ পি টি আই দলে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। দলটোৰ কৰ্মীসকলে প্ৰতিবাদী ৰেলী অব্যাহত ৰাখিছে।

শুকুৰবাৰে পি টি আইৰ কৰ্মীসকলে গুজৰানৱালাৰ পৰা দীঘলীয়া পদযাত্ৰা পুনৰ আৰম্ভ কৰিছে। সমান্তৰালকৈ পি টি আইৰ সমৰ্থকসকলে ইমৰানৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে পাকিস্তানৰ বহু চহৰত প্ৰতিবাদ সাব্যস্ত কৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছে।

ইফালে ইমৰানৰ ওপৰত হোৱা এই আক্ৰমণৰ তদন্ত প্ৰক্ৰিয়াত ৰাষ্ট্ৰসংঘই হস্তক্ষেপ কৰিছে। সমগ্ৰ তদন্ত প্ৰক্ৰিয়া সন্ত্ৰাসবাদ বিৰোধী বিভাগক হস্তান্তৰ কৰা হৈছে। জানিব পৰা মতে আক্ৰমণকাৰীজনে ৯ এমএম পিষ্টলেৰে গুলী চালনা কৰিছিল।

আক্ৰমণকাৰীজনৰ পৰা দুখন আলোচনীও উদ্ধাৰ কৰা হৈছিল। লগতে, অনুসন্ধানকাৰী দলে ঘটনাস্থলীৰ পৰা ১১ টা খালী কাৰ্ট্ৰিজ বিচাৰি পাইছে। আনহাতে, ইমৰানৰ ওপৰত গুলীচালনা কৰাৰ পিছত পাকিস্তাৰ পঞ্জাৱ প্ৰদেশৰ কেইবাজনো জ্যেষ্ঠ আৰক্ষী বিষয়াক নিলম্বিত কৰা হৈছে। তেওঁলোকৰ মোবাইলবোৰো জব্দ কৰা হৈছে।