মুখ্য-পৃষ্ঠা

‘কাশ্মীৰৰ সকলো লোক সন্ত্ৰাসবাদী নহয়…’

asomiyapratidin

ডিজিটেল ডেস্কঃ কাশ্মীৰৰ সকলো লোক সন্ত্ৰাসবাদী নহয়। জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটীৰ কন্যা ইল্টিজা মুফটীয়ে শনিবাৰে অনুষ্ঠিত হোৱা এক অনুষ্ঠানত দিলে এই মন্তব্য। জম্মু-কাশ্মীৰত সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰৰ পাচত নিজ মাতৃৰ লগতে অন্য কিছু নেতাক কেন্দ্ৰই কৰা ব্যৱহাৰৰ লৈ এই মন্তব্য প্ৰদান কৰে ইল্টিজা মুফটীয়ে।

অনুষ্ঠানটোত ভাষণৰ প্ৰসংগত তেওঁ লগতে কয়- দেশত ৰাজনৈতিক নেতা সকলে এইটো ধাৰণা দিব নালাগে যে, কাশ্মীৰত থকা সকলো লোকেই সন্ত্ৰাসবাদী বা সকলো লোকেই নিৰাপত্তাৰক্ষীক শিলগুটিৰে আক্ৰমণ কৰে। সকলো কাশ্মীৰ বাসী তেনে নহয়। আমিও মানুহৰ আশা-আকাংশা বুজি পাও।

উল্লেখ্য যে, কাশ্মীৰত মেহবুবা মুফটীৰ লগতে কেইবাজনো নেতাক নিৰাপত্তাৰক্ষীয়ে কেইবাদিনো ধৰি গৃহবন্দী কৰি ৰখাৰ লগতে পৰিয়ালৰ কোনো লোকৰ সৈতে সাক্ষাতৰ সুবিধাও প্ৰদান কৰা নাছিল।