মুখ্য-পৃষ্ঠা

সাৱধানঃ ই-পেপাৰৰ পিডিএফ ফাইল হোৱাটছএপত শ্বেয়াৰ কৰিলে গ্ৰুপ এডমিনৰ বিৰুদ্ধে ৰুজু হ’ব পাৰে গোচৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশজুৰি অহা ১৭ মে'লৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে। কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত দ্বিতীয়বাৰলৈ কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰে লকডাউনৰ সময়। এই লকডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় কাৰণ অবিহনে কোনো লোকক ঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ দিয়া হোৱা নাই। আৰু এই সন্দৰ্ভত নজৰ ৰাখিছে আৰক্ষী-প্রশাসনে।

ইফালে, লকডাউনৰ এই সময়চোৱাত সংঘটিত হৈছে এক ডিজিটেল অপৰাধ। বাতৰি কাকতসমূহৰ ই-পেপাৰৰ আৰু ডিজিটেল পাইৰেচীৰ দৰে ঘটনা বৃদ্ধি পাবলৈ ধৰিছে লকডাউনৰ মাজতে। আৰু এই ঘটনাৰ প্ৰভাৱ পৰিছে বাতৰি কাকতৰ গোষ্ঠীসমূহৰ ওপৰত।

ইয়াৰ ওপৰত লক্ষ্য ৰাখি ইণ্ডিয়ান নিউজপেপাৰ ছ'চাইটি চমুকৈ আই এন এচে সকীয়াই দিছে যে, বাতৰি কাকতসমূহৰ ই-পেপাৰ পেজবোৰ ডাউনল'ড কৰি পিডিএফ ফাইল বনাই হোৱাটছএপ বা টেলিগ্ৰাম গ্ৰুপত শ্বেয়াৰ কৰাতো অপৰাধ। আৰু এনে কৰা লোকসকলৰ বিৰুদ্ধে আইনী তদন্ত কৰাৰ লগতে তেওঁলোকে জৰিমনাও ভৰিব লাগিব। তদুপৰি, ই-পেপাৰৰ পিডিএফ ফাইলসমূহ যিবোৰ হোৱাটছএপ গ্ৰুপলৈ পঠিয়াব সেই গ্ৰুপৰ এডমিনক ইয়াৰ বাবে দোষাৰোপ কৰা হ'ব।