মুখ্য-পৃষ্ঠা

পুলৱামাৰ সংঘৰ্ষত ডিআইজি সহ কথমপি প্ৰাণৰক্ষা ৰাষ্ট্ৰীয় ৰাইফলছৰ ব্ৰিগেডিয়াৰৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ পুলৱামাত দেওবাৰৰ সন্ধিয়াৰ পৰা হোৱা নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত হৈছে আন এটা সন্ত্ৰাসবাদী। এই সংঘৰ্ষত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা ৩টালৈ বৃদ্ধি পালে। ইফালে, সন্ত্ৰাস বিৰোধী বিশাল এই অভিযানটোত ৰাষ্ট্ৰীয় ৰাইফলছৰ মেজৰসহ চাৰিজন জোৱান শ্বহীদ হোৱাৰ লগতে জম্মু-কাশ্মীৰ আৰক্ষীৰ ছাউথ কাশ্মীৰ ৰেঞ্জৰ উপ-মহাপৰিদৰ্শক অমিত কুমাৰো আহত হৈছে।

আন এক সূত্ৰ অনুসৰি, এই অভিযানত নেতৃত্ব দিয়া ১২ ছেক্টৰৰ ৰাষ্ট্ৰীয় ৰাইফলছ কাণ্ডাৰ গৰাকীও সংঘৰ্ষত আহত হৈছে। সেনা সূত্ৰই অৱশ্যে এই বাতৰি সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই। সংঘৰ্ষত আহত ডি আই জি অমিত কুমাৰক সেনাৰ চিকিৎসালয়ত স্থানান্তৰিত কৰা হৈছে আৰু তেওঁক বিপদমুক্ত বুলি চিকিৎসকে ঘোষণা কৰিছে। অভিযানটোত মেজৰসহ ৪জনকৈ জোৱান নিহত হোৱাৰ উপৰি জম্মু-কাশ্মীৰ আৰক্ষীৰ দক্ষিণাঞ্চলৰ উপ-মহাপৰিদৰ্শক আৰু ৰাষ্ট্ৰীয় ৰাইফলছৰ ব্ৰিগেড কামাণ্ডাৰ পৰ্যায়ৰ শীৰ্ষ পদাধিকাৰী আহত হোৱা ঘটনাই অঞ্চলটোত যে বৃহৎ সংখ্যক সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি আছিল আৰু তাৰ বিৰুদ্ধে চলোৱা এয়া এক বৃহৎ অভিযান, সেই কথাও স্পষ্ট হৈ পৰিছে।

ইতিমধ্যে বিভিন্ন চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰা মতে, জম্মু-কাশ্মীৰত জেইছ-ই-মহম্মদৰ উচ্চ প্ৰযুক্তিৰ সা-সামগ্ৰী আৰু অত্যাধুনিক মাৰণাস্ত্ৰসহ বৃহৎ সংখ্যক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সদস্যই আত্মগোপন কৰি আছে। এই সংঘৰ্ষত ইতিমধ্যে নিহত হৈছে ১৪ ফেব্ৰুৱাৰীত চিআৰপিএফৰ বাহনত আক্ৰমণ চলোৱা ঘটনাৰ মাষ্টাৰ মাইণ্ড আব্দুল ৰছিদ গাজী।