মুখ্য-পৃষ্ঠা

মোৰ ওচৰত ক্ষমতা থকা হ’লে ২ ঘণ্টাৰ ভিতৰতে খুলি দিলোহেঁতেন শ্বাহীন বাগৰ বন্ধ পথঃ অৰবিন্দ কেজৰিৱাল

asomiyapratidin

ডিজিটেল ডেস্কঃ ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত দিল্লীৰ বিধানসভা নিৰ্বাচন। ১১ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ'ব এই নিৰ্বাচনৰ ফলাফল। দিল্লীৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তীব্ৰতৰ কৰি তুলিছে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ। দিল্লীৰ বৰ্তমানৰ শাসনাধিষ্ঠিত আম আদমী পাৰ্টীয়ে দিল্লীবাসীৰ বাবে কৰা উন্নয়নমূলক কামৰ ওপৰত ভোট বিচৰাৰ বিপৰীতে বিজেপিৰ হৈ দিল্লীৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপিৰ শীৰ্ষ নেতৃত্বই।

মঙলবাৰে এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে আম আদমী পাৰ্টী এটা সৰু ৰাজনৈতিক দল। আৰু এই সৰু ৰাজনৈতিক দলটোৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বিজেপিৰ শীৰ্ষ নেতৃত্ব উঠিপৰি লাগিছে। তেওঁ বিজেপি শাসিত গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণীক সমালোচনা কৰি কয়, 'দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে মোক গালি গালাজ কৰিলে। সেই সময়ত এজন লোকে তেওঁক সুধিলে যে গুজৰাটত এতিয়া বিজুলী বিল প্ৰতি ইউনিটত কিমান? মুখ্যমন্ত্ৰীগৰাকীৰ পৰা উত্তৰ আহিল- প্ৰতি ইউনিটত ১০ টকা। তেনে স্থলত দিল্লীবাসীয়েতো বিনামূলীয়া বিদ্যুৎ সেৱা লাভ কৰি আছে। তেন্তে উন্নয়ন ক'ত? বিজেপি শাসিত গুজৰাটত নে দিল্লীত হৈছে?'

আনহাতে 'কা' বিৰোধী প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ থকা শ্বাহিন বাগৰ পথ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কেজৰিৱালে কয়, 'মোৰ ওচৰত ক্ষমতা থকা হ'লে মই ২ ঘণ্টাৰ ভিতৰত পথ খুলি দিলোহেঁতেন। কিন্তু শ্বাহীন বাগৰ ক্ষমতা আছে কেন্দ্ৰীয় চৰকাৰৰ হাতত। গৃহমন্ত্ৰী অমিত শ্বাহৰ দৰে এজন শক্তিশালী মন্ত্ৰীয়ে কিয় পথটো খুলিব বিচৰা নাই, সেই কথা এতিয়া সকলোৱে জানে। পথটো বন্ধ হৈ থকাক লৈ ৰাজনীতি কৰা হৈছে। যদি পথটো খুলি দিয়া হয়, তেন্তে দিল্লীৰ নিৰ্বাচনৰ বাবে বিজেপিৰ ওচৰত অইন কোনো ইছ্যুৱে নাথাকিব।'