মুখ্য-পৃষ্ঠা

কৰ্তব্যত গাফিলতি! প্ৰতীক হাজেলাক স্বাস্থ্য আয়ুক্ত পদৰ পৰা অপসাৰণ

asomiyapratidin

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশ চৰকাৰৰ স্বাস্থ্য আয়ুক্ত পদৰ পৰা অপসাৰণ কৰা হৈছে প্ৰতীক হাজেলাক। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আইএএছ বিষয়াগৰাকীক অপসাৰণ কৰাৰ বাবে বুধবাৰে নিৰ্দেশ দিছিল। তাৰ পিছতে মধ্য প্ৰদেশৰ মুখ্য সচিবে এক নিৰ্দেশযোগে হাজেলাক অপসাৰণ কৰে। উল্লেখ্য যে, মধ্যপ্ৰদেশ চৰকাৰৰ স্বাস্থ্য আয়ুক্ত পদত নিযুক্তি লাভ কৰাৰ পূৰ্বে তেওঁ অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সমন্বয়ক পদত কাৰ্যনিৰ্বাহ কৰিছিল।

কোৰোনা ভাইৰাছৰ বিৰুদ্ধে অভিযানত ব্যৰ্থ হোৱাৰ বাবে হাজেলাক অপসাৰণ কৰা হৈছে। তেওঁৰ স্থানত এতিয়াৰে পৰা স্বাস্থ্য আয়ুক্ত হিচাপে আইএএছ বিষয়া ফাইজ আহমেদ কিডৱাইক দিয়া হৈছে দায়িত্ব। ইফালে এক সূত্ৰই সদৰি কৰা অনুসৰি কোৰোনা ভাইৰাছে ৰাজ্যখনত পেলোৱা প্ৰভাৱক লৈ মুখ্যমন্ত্ৰীৰ পৰ্যালোচনাৰ পিছতে হাজেলাক অপসাৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। কোৰোনা ভাইৰাছৰ ক্ষেত্ৰত যদি কোনো চৰকাৰী বিষয়াই দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিয়ে তেতিয়া কোনো বিষয়াকে মুখ্যমন্ত্ৰীয়ে ৰেহাই নিদিয়ে বুলিও সদৰি কৰিছে সূত্ৰটোৱে।