মুখ্য-পৃষ্ঠা

দিনে ১০টা ইংৰাজী শব্দ শিকি সুৰভী হ’ল আইএএছ বিষয়া

Asomiya Pratidin

ডিজিটেল ডেস্ক: চেষ্টাৰ অসাধ্য একো নাই।লক্ষ্য স্থিৰ কৰি একাগ্ৰতাৰে আগবাঢ়ি গ’লে জীৱনত সফল হোৱাটো নিশ্চিত।ইয়াৰ এক জলন্ত উদাহৰণ আই এ এছ বিষয়া সুৰভী গৌতম।নিজৰ সামৰ্থ্য অনুসৰি নিজকে পথ প্ৰদৰ্শন কৰি  প্ৰথম প্ৰচেষ্টাতে আই এ এছ হৈ আজি হাজাৰ হাজাৰ প্ৰত্যাশীৰ বাবে অনুপ্ৰেৰণা হৈ পৰিল সুৰভি।জীৱনটোক গঢ় দিবলৈ হাজাৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈয়ো জয়ী হ’বলৈ সক্ষম হয় সাধাৰণ পৰিয়ালৰ এইগৰাকী অসাধাৰণ যুৱতী।

মধ্য প্ৰদেশৰ সাতনা জিলাৰ আমদাৰা নামৰ এখন সৰু গাঁৱৰ বাসিন্দা সুৰভি গৌতম। শৈশৱৰ পৰাই সুৰভি সকলো ক্ষেত্ৰতে আগৰণুৱা আছিল।স্কুলীয়া শিক্ষাৰ দিশতো প্ৰতিটো শ্ৰেণীতে তেওঁ প্ৰথম স্থান দখল কৰিছিল। দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাতো সুৰভীয়ে কাৰো সহায় নোলোৱাকৈ নিজে পঢ়ি ৯০ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছিল।তেওঁৰ পিতৃ এগৰাকী অধিবক্তা আৰু মাতৃ এগৰাকী শিক্ষয়িত্ৰী।

স্কুলীয়া শিক্ষা সম্পূৰ্ণ হোৱাৰ পিছত সুৰভীয়ে ষ্টেট ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। তেওঁ ভূপাল অভিযান্ত্ৰিক কলেজৰ পৰা ইলেক্ট্ৰনিকছ এণ্ড কমিউনিকেশ্বনছত স্নাতক ডিগ্ৰী লাভ কৰে।য'ত তেওঁ শীৰ্ষস্থান দখল কৰি সোণৰ পদক লাভ কৰে।উচ্চ শিক্ষা গ্ৰহণ কৰা সুৰভীয়েই আছিল তেওঁৰ গাঁৱৰ প্ৰথম ব্যক্তি।

বিশ্ববিদ্যালয়ৰ শীৰ্ষ স্থানপ্ৰাপ্ত আৰু স্বৰ্ণ পদক বিজয়ী সুৰভি গৌতমে ইউপিএছচি অসামৰিক সেৱাত অৱতীৰ্ণ হোৱাৰ আগতে কেইবাটাও পৰীক্ষাত উত্তীৰ্ণ হৈছিল। সুৰভি গৌতমে এবছৰ ধৰি বিএআৰচিত পাৰমাণৱিক বিজ্ঞানী হিচাপে কাম কৰিছিল। তেওঁ গেট, ইছৰ’, চেইল, এমপিপিএছচি পিচিএছ, এছএছচি চিজিএল, দিল্লী আৰক্ষী আৰু এফচিআইৰ দৰে পৰীক্ষাত উত্তীৰ্ণ হৈছিল। কেৱল এয়াই নহয়, তেওঁ ২০১৩ চনত অনুষ্ঠিত ভৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ৫০ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছিল।

ইমান পঢ়া-শুনাৰ পাছতো ইংৰাজী নজনাৰ বাবে বহুবাৰ অপমানিত হ’বলগীয়া হৈছিল সুৰভী গৌতম।সুৰভীয়ে সৰুৰে পৰা হিন্দী মাধ্যমতে পঢ়া-শুনা কৰি আহিছিল, যাৰ বাবে ইংৰাজী বিষয়ত তেওঁ দখল নাছিল। গোটেই জীৱনটোত ভাল নম্বৰ পোৱাৰ পাছতো সৰল ইংৰাজী ক'ব পৰা নাছিল সুৰভীয়ে।ইংৰাজী ভালদৰে নকোৱাৰ বাবে তাইক শ্ৰেণীত বহুবাৰ উপহাস কৰা হৈছিল। কিন্তু তথাপিও তেওঁ নিৰাশ হোৱা নহৈ সময় পালেই ইংৰাজী শিকাৰ পণ লৈ প্ৰতিদিনে ইংৰাজীত দহটা নতুন শব্দ শিকিবলৈ আৰম্ভ কৰে।সেই ইংৰাজী নজনা সুৰভীয়ে এতিয়া ৰাষ্ট্ৰ সেঁৱাত ব্ৰতী আছে। 

উল্লেখ্য, আই এ এছ. সুৰভী গৌতমে সহকাৰী সংগ্ৰাহক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।তেওঁ বৰ্তমান আহমেদাবাদৰ ভিৰামগাম জিলাত জিলা উন্নয়ন বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে।