মুখ্য-পৃষ্ঠা

হিন্দী বলয় বিতৰ্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্ট কৰিলে নিজৰ স্থিতি, ক’লে- ‘মই মাতৃভাষাতকৈ উৰ্ধ্বত ৰাখিবলৈ কোৱা নাই হিন্দীক…’

asomiyapratidin

ডিজিটেল ডেস্কঃ হিন্দী ভাষাক সংযোগ স্থাপনৰ মাধ্যম ভাষা হিচাপে প্ৰয়োগ কৰিবলৈ আহ্বান জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হিন্দী দিৱসৰ দিনা কৰা টুইটৰ পিছত সৃষ্টি হোৱা তুমুল প্ৰতিক্ৰিয়াৰ অন্তত নিজৰ স্থিতি স্পষ্ট কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। বুধবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি তেওঁ কৰা আহ্বানক একাংশই ৰাজনৈতিক স্বাৰ্থত বিকৃত কৰি ব্যৱহাৰ কৰা বুলি দাবী কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, 'মই কেতিয়াও স্থানীয় ভাষাক অগ্ৰাহ্য কৰি হিন্দী ভাষাক আঁকোৱালি ল'বলৈ কোৱা নাই। মই কেৱল অনুৰোধ কৰিছিলো যে হিন্দী শিকক আৰু মাতৃ ভাষাৰ পিছত তাক দ্বিতীয় ভাষা হিচাপে ব্যৱহাৰ কৰক। মই নিজেও গুজৰাটৰ দৰে এখন হিন্দী ভাষা ব্যৱহাৰ নোহোৱা ৰাজ্যৰ পৰা আহিছো। যদি মোৰ মন্তব্যৰ পিছত কোনোবাই ৰাজনীতি কৰিব বিচাৰে, তেন্তে সেয়া তেওঁলোকৰ নিজৰ কথা।'

উল্লেখ্য যে, যোৱা শনিবাৰে হিন্দী দিৱসৰ দিনা অমিত শ্বাহে এটা টুইট কৰি হিন্দী ভাষাক প্ৰধান ভাষা হিচাপে মান্যতা প্ৰদান কৰিবলৈ আহ্বান জনাইছিল যাতে আন্তৰাষ্ট্ৰীয় স্তৰত ভাৰতৰ এটা স্বকীয় ভাষা হিচাপে হিন্দীয়ে পৰিচয় বহন কৰিব পাৰে। কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই আহ্বানৰ পিছতে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ লগতে পশ্চিম বংগ, মহাৰাষ্ট্ৰতো বিভিন্নজনে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। ইফালে কৰ্ণাটকৰ বিজেপি মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পাইও অমিত শ্বাহৰ আহ্বানাৰ বিৰোধিতা কৰি মাতৃভাষা কন্নড়তকৈ হিন্দী ভাষাক অধিক মান্যতা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে।