মুখ্য-পৃষ্ঠা

হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভাৰতত থকা হোণ্ডাই মটৰ কোম্পানীৰ প্লেন্টত ধৰা পৰিছে কোৰোনা ভাইৰাছ। এই প্লেন্টত কাম কৰি থকা তিনিজন কৰ্মচাৰীৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পাছতে কন্টেইনমেন্ট জ'ন ঘোষণা কৰা হৈছিল প্লেন্টটো।

উল্লেখ্য যে, কোৰোনা ভাইৰাছৰ বাবে বহু দিন ধৰি বন্ধ হৈ আছিল মটৰ কোম্পানীৰ এই প্লেন্টটো। খোলা এদিনৰ পাছতেই কোম্পানীটোৰ তিনিজন কৰ্মচাৰীৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পাছত প্লেন্টটোত কৰ্মৰত আন ১৬জন কৰ্মচাৰীক কোৱাৰেন্টাইন কৰা হৈছে।