মুখ্য-পৃষ্ঠা

টিকটকে ল’লে প্ৰাণ! নদীত অন্তৰ্ধান যুৱক, ভাইৰেল VIDEO…

asomiyapratidin

ডিজিটেল ডেস্কঃ হায়দৰাবাদত সংঘটিত হৈছে শোকাৱহ এক ঘটনা। টিকটকত ভিডিঅ' বনাই থকা অৱস্থাতে নদীত ডুবি মৃত্যু হৈছে এজন লোকৰ। আৰক্ষীৰ মতে এই ঘটনা সংঘটিত হৈছিল যোৱা বৃহস্পতিবাৰে।

প্ৰাপ্ত তথ্য অনুসৰি,যোৱা বৃহস্পতিবাৰে দুজন যুৱকে নদীত গা ধুবলৈ গৈ নিৰ্মাণ কৰিছিল টিকটক ভিডিঅ। এজনে নদীৰ পাৰত ৰৈ ভিডিঅ'টো বনোৱাৰ সময়তে নদীৰ মাজত থকাজন নিমিষতে অন্তৰ্ধান হয়। শেষত গাঁওবাসীয়ে মৃত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে। ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে যুৱক দুজনৰ টিকটক ভিডিঅ'টো।