মুখ্য-পৃষ্ঠা

হায়দৰাবাদৰ এনকাউণ্টাৰক লৈ নিজাববীয়াকৈ তদন্ত আৰম্ভ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ তেলেংগানাৰ হায়দৰাবাদত মহিলা চিকিৎসক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ৪ অভিযুক্তৰ এনকাউণ্টাৰত মৃত্যু হোৱাৰ পিছত এই ঘটনাক লৈ নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে। এনকাউণ্টাৰত ৪ অভিযুক্তৰ মৃত্যুৰ খবৰ প্ৰকাশ হোৱাৰ পিছতে আয়োগে এটা তদন্তকাৰী দলক ঘটনাস্থলীলৈ গৈ তদন্ত কৰাৰ নিৰ্দেশ দিছে। আনহাতে সূত্ৰৰ খবৰ অনুসৰি, ৪ অভিযুক্তৰ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা সম্পৰ্কে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়েও তেলেংগানা চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে।

খবৰ অনুসৰি, গৃহমন্ত্ৰণালয়ৰ তৰফৰ পৰা এয়া কোৱা হৈছে যে অভিযুক্ত কেইজনক আৰক্ষী জিম্মাতে হত্যা কৰা হৈছে। সূত্ৰৰ দাবী অনুসৰি, সংসদীয় অধিবেশন চলি থকাৰ পৰিপ্ৰেক্ষিতত বিভাগীয় মন্ত্ৰীক এই এনকাউণ্টাৰ সন্দৰ্ভত যদি প্ৰশ্ন কৰা হয়, তেন্তে তাৰ উত্তৰ দিব পৰাকৈ সকলো তথ্য যুগুত কৰি ৰাখিব লাগিব গৃহ মন্ত্ৰণালয়ে।

ইফালে এনকাউণ্টাৰৰ সময়ক লৈ তেলেংগানা আৰক্ষীৰ মাজতে দ্বিমত থকা পৰিলক্ষিত হৈছে। চাইবেৰাবাদ আৰক্ষীয়ে প্ৰাথমিকভাৱে এই এনকাউণ্টাৰ পুৱতি নিশা ৩.৩০ বজাত সংঘটিত হোৱা বুলি মন্তব্য কৰিছিল। কিন্তু পিছত উপায়ুক্ত এন প্ৰকাশ ৰেড্ডীয়ে চৰকাৰী বিবৃতিযোগে জনায়, 'পুৱা ৬.৩০ বজাত অপৰাধৰ পুনৰীক্ষণৰ বাবে অভিযুক্ত কেইজনক লগত লৈ এটা আৰক্ষীৰ দল অপৰাধস্থলীত উপস্থিত হয়। তাতেই আৰক্ষীৰ পৰা অস্ত্ৰ কাঢ়ি নিয়াৰ চেষ্টা চলায় অভিযুক্তই। যাৰ পৰিণতিত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় আৰু ৪ অভিযুক্তৰ মৃত্যু ঘটে।'