কিয় হোৱা নাই নিযুক্তি ? দেশৰ তিনিওটা সেনাবাহিনীত ডেৰ লাখ পদ খালী...
কিয় হোৱা নাই নিযুক্তি ? দেশৰ তিনিওটা সেনাবাহিনীত ডেৰ লাখ পদ খালী... 
মুখ্য-পৃষ্ঠা

কিয় হোৱা নাই নিযুক্তি ? দেশৰ তিনিওটা সেনাবাহিনীত ডেৰ লাখ পদ খালী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সংসদৰ শীতকালীন অধিৱেশনৰ মাজতে এক প্ৰশ্নৰ উত্তৰত প্ৰকাশ পোৱা অনুসৰি ভাৰতৰ তিনিওটা সশস্ত্ৰ বাহিনীত প্ৰায় ডেৰ লাখ পদ খালী হৈ আছে। লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য দিছে ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী অজয় ভাটে।

ভাৰতীয় স্থল সেনা, বায়ু সেনা আৰু নৌসেনাত খালী হৈ আছে এই পদসমূহ। ইয়াৰ ভিতৰত সৰ্বাধিক খালী হৈ আছে স্থলসেনাত।

তথ্য অনুসৰি স্থলসেনাত ১ লাখ ১৮ হাজাৰ ৪৮৫ টা পদ খালী আছে। এই তথ্য ২০২২ ৰ ১ জুলাইলৈকে।

আনহাতে ২২ ছেপ্তেম্বৰলৈ নৌসেনাত খালী হৈ আছে ১১ হাজাৰ ৫৮৭ টা পদ আৰু বায়ু সেনাত ৫ হাজাৰ ৮১৯ টা পদ। উল্লেখ্য যে কংগ্ৰেছ সাংসদ দীপক বাজীৰ এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰদান কৰিছে ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী অজয় ভাটে।

এই খালী পদৰ বিপৰীতে অৱশ্যে অগ্নিবীৰ প্ৰকল্পৰ জৰিয়তে স্থলসেনাত ৪০ হাজাৰ নৌসেনাত ৩ হাজাৰ আৰু বায়ু সেনা বাহিনীত ৩ হাজাৰ পদৰ বিজ্ঞাপন দিয়া হৈছিল। সেই বিজ্ঞাপনৰ আধাৰতে এই পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে।