মুখ্য-পৃষ্ঠা

হোমৱৰ্ক বন্ধ কৰাৰ দাবী জনাই চৰকাৰলৈ পত্ৰ মাতৃৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ 'হোমৱৰ্ক হৈছে কোনোদিন শেষ নোহোৱা এখন নাটক।' হোমৱৰ্কক লৈ ক্ষোভ ব্যক্ত কৰি এই মন্তব্য কৰিছে বিষয়টোক লৈ চৰকাৰলৈ অনলাইন পত্ৰ প্ৰেৰণ কৰা চেন্নাইৰ মিৰুদুলা মানিয়ান নামৰ এগৰাকী মহিলাই।

দ্বিতীয় শ্ৰেণীলৈকে হোমৱৰ্ক বন্ধ কৰাৰ পোষকতা কৰি চৰকাৰলৈ আবেদনো জনোৱা মহিলাগৰাকীৰ আছে দুটাকৈ সন্তান। এটা ৪ বছৰীয়া হোৱাৰ পৰিৱৰ্তে আনটো সন্তানৰ বয়স ৮ মাহ। নিজ সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে তেওঁ তেনেদৰে চৰকাৰলৈ আবেদন জনাইছে।

তেওঁ কয় যে কণকণ ছাত্ৰ-ছাত্ৰীসকলক হোমৱৰ্ক দিয়াৰ কোনো অৰ্থই নাই কিয়নো যি হোমৱৰ্ক শিক্ষক-শিক্ষয়িত্ৰীসকলে দিয়ে সেয়া কণকণ ছাত্ৰ-ছাত্ৰী বাদেই অভিভাৱসকলেও গুগলৰ সহায় লৈহে কৰিবলগীয়া হয়। প্ৰায় ৯৮ শতাংশ বিদ্যালয়েই শিক্ষাৰ নীতি তথা চিলেবাচক লৈ দায়িত্বহীন বুলিও ক্ষোভ ব্যক্ত  কৰে মহিলাগৰাকীয়ে।

উল্লেখ্য যে, চেঞ্জ ডট অৰ্গ নামৰ ৱেবচাইটৰ জৰিয়তে আবেদন জনাইছিল মহিলাগিৰাকীয়ে। ইফালে ৮০০০ মানুহে মহিলাগৰাকীৰ সমৰ্থনত চহী কৰিছে এই আবেদনত। কিছু কিছু লোকৰ মতে, ১০ বছৰৰ তলৰ ছাত্র-ছাত্ৰীক হোমৱৰ্ক দিব নালাগে। ইয়াৰ পৰিৱৰ্তে ১০ বছৰৰ ওপৰৰ ছাত্র-ছাত্ৰীক হোমৱৰ্ক দিয়াটো গ্রহণযোগ্য।