মুখ্য-পৃষ্ঠা

গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ! মুকলি কৰক হেল্পলাইন নম্বৰ, এটা ফোনতে পাব পাৰে ঘৰতে খাদ্য সামগ্ৰী

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে ২১ দিনৰ লকডাউন ঘোষণা কৰাৰ পাছত জনসাধাৰণৰ যাতে অসুবিধা নহয় তাৰ বাবে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ গৃহ মন্ত্ৰালয়ে বিশেষ নিৰ্দেশ জাৰি কৰিচে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু ডিজিপিলৈ প্ৰেৰণ কৰা পত্ৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিশ্চিত কৰিবলৈ আৰু ইয়াৰ বাবে এক হেল্পলাইন নম্বৰ মুকলি কৰিবলৈ নিৰ্দশ দিয়া হৈছে।

খাদ্য সামগ্ৰীকে ধৰি অন্যান্য জৰুৰী প্ৰয়োজনত ঘৰৰ পৰা এই নম্বৰত যোগাযোগ কৰিব পাৰিব লোকসকলে। দিল্লী আৰক্ষীয়ে ইতিমধ্যে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ। সম্পূৰ্ণৰূপে লকডাউন কৰাৰ স্বাৰ্থত আৰু খাদ্য তথা আন প্ৰয়োজনীয় সামগ্ৰী ঘৰতে উপলব্ধ কৰিব পৰা ব্যৱস্থাৰ বাবেও এই হেল্পলাইন নম্বৰে সহায় কৰিব। দেশবাসীকো ঘৰৰ ভিতৰতে আবদ্ধ থাকি সেই হেল্পলাইন নম্বৰৰ সহায় লৈ লকডাউনৰ সময়চোৱাত ঘৰৰ ভিতৰতে নিজক আবদ্ধ কৰি ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে গৃহ মন্ত্ৰালয়ে।

ইতিমধ্যে খাদ্যৰ সংকট হোৱা বুলি বহু খবৰ বিয়পি পৰিছে। খাদ্যৰ নাটনিৰ সন্দৰ্ভত তেনে খবৰ পালে ৰাজ্য প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে।