মুখ্য-পৃষ্ঠা

জম্মু-কাশ্মীৰক পুনৰ ৰাজ্যিক মৰ্যাদা ঘূৰাই দিয়া হ’বঃ গৃহ মন্ত্ৰী অমিত শ্বাহ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সোমবাৰেমন্তব্য কৰিলে জম্মু-কাশ্মীৰ সন্দৰ্ভত। গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে, জম্মু-কাশ্মীৰসদায় কেন্দ্ৰীয় শাসিত প্ৰদেশ ৰূপে নাথাকে। জম্মু-কাশ্মীৰত নিৰাপত্তা অধিক ভালপোৱাৰ পাছত পুনৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হ'ব।

দিল্লীত ভাৰতীয় আৰক্ষী সেৱাৰ ২০১৮ বেটছৰ বিষয়াসকলক সম্বোধন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ৫ আগষ্ট, ২০১৯ত জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰাপ্ৰত্যাহাৰ কৰা আৰু দুখন কেন্দ্ৰীয় শাসিত প্ৰদেশ হিচাপে ঘোষণা কৰাৰ পাছৰে পৰাবৰ্তমানলৈ তাত কোনো এজনো ব্যক্তিয়ে প্ৰাণ হেৰুওৱা নাই আৰু গুলীবৰ্ষণৰো ঘটনা সংঘঠিতহোৱা নাই।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয়- 'সংবিধানৰ ৩৭০ ধাৰাৰদুৰ্ব্যৱহাৰেই সীমান্তত সন্ত্ৰাসবাদ সৃষ্টি কৰাৰ মুল কাৰণ আছিল। আৰু কাশ্মীৰৰ১৯৬খন থানাৰ ভিতৰত মাত্ৰ ১০খন থানাৰ অন্তৰ্গত অঞ্চলসমূহতহে জাৰি কৰা আছে ১৪৪ধাৰা।'