মুখ্য-পৃষ্ঠা

কোৰোনা ভাইৰাছক লৈ হোজাইত বহুকেইটা কাৰ্যসূচী বাতিল, ঠায়ে ঠায়ে সজাগতা সভা…

asomiyapratidin

ডিজিটেল সংবাদ, মোৰাঝাৰঃ হোজাই জিলা প্ৰশাসনে কোৰোনা ভাইৰাছৰ বাবে বিশেষ সতৰ্কতা অৱলম্বন কৰিবলৈ জনহিতাৰ্থে বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰ্যসূচীৰ অনুমতি দিয়া নাই। উল্লেখ যোগ্য যে হোজাইস্থিত জালালিয়া মাদ্ৰাছাত ১৮ মাৰ্চত অনুষ্ঠিত হবলগীয়া খতমে বখাৰী আৰু বাৰ্ষিক জলচা হোজাই জিলা প্ৰশাসনে অনুমতি নিদিয়াত উক্ত কাৰ্যসূচী মাদ্ৰাছা কতৃপক্ষই জিলা প্ৰশাসনৰ আহব্বানক সঁহাৰি জনাই স্থগিত ৰাখে।

কোৰোনা ভাইৰাছৰ কাৰণে জিলা প্ৰশাসনে সকলো ধৰণৰ সভা সমিতি পতাৰ অনুমতি বন্ধ ৰাখিছে|সমান্তৰাল ভাৱে জিলা খনৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে সজাগতা সভা পতা পৰিলক্ষিত হৈছে ।

জানিব পৰা মতে ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত ভেটোআটি, জংগলব্লক, সৰুপথাৰ, দক্ষিণ দেৱস্থান, অকচেক গাঁৱ, দীঘলজাৰ, নগঞাপাম, চাৰিং পথাৰ , স্বৰুপ গাঁও, শ্বিংগিৰপাৰ,বৰবালি আদিকে ধৰি পোন্ধৰ খনকৈ অধিক গাঁওতে কোৰোনা ভাইৰাছ সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত হৈ যায়। সভাত বহু লোক উপস্থিত থাকে আৰু গোহাৰি পত্ৰও বিতৰণ কৰা হয়।