মুখ্য-পৃষ্ঠা

হোজাইৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাঃ আহত ডিমাপুৰৰ গাড়ী চালক…

asomiyapratidin

ডিজিটেল সংবাদ, হোজাইঃ হোজাইৰ নীলবাগানত আজি সন্ধিয়া সংঘটিত হোৱা ভয়ংকৰ পথ দূৰ্ঘটনাত ডিমাপুৰৰ নিভুকু ভি জিমোৰ নামৰ গাড়ী চালক গৰাকী আহত হয়। আৰক্ষীয়ে গাড়ী চালক গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

জানিব পৰা মতে এন এল ০৭ চি এ ০৯৭৩ নম্বৰৰ হুণ্ডাই আই ২০ গাড়ীখন গুৱাহাটীৰ পৰা ডিমাপুৰলৈ গৈ থকাৰ সময়তে নিলবাগান অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হৈ চালক গৰাকী আহত হয়।

গাড়ীৰ চেইফটি বেলুনৰ বাবে গাড়ীখনৰ চালক নিভুকু ভি জিমোৰৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে৷ প্ৰত্যক্ষ দর্শীৰ মতে চালক জনে অত্যধিক মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই দূৰ্ঘটনাত পতিত হয়। পিছত নীলবাগান আৰক্ষীয়ে চালকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।