মুখ্য-পৃষ্ঠা

আলফাৰ স্বাধীনৰ বাবে চৰকাৰৰ আলোচনাৰ দুৱাৰ সদায় খোলা আছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা..

asomiyapratidin

ডিজিটেল সংবাদ, বেকাজানঃ ৰিতুল শইকীয়া বৰ্তমান ম্যানমাৰৰ ভূমিত কুশলে আছে । খোৱা -বোৱাও ভালকৈ পাইছে । তেওঁৰ মুক্তিৰ বাবে মধ্যতস্তাকাৰী জৰিয়তে চৰকাৰলৈ খবৰ আহিছে । আমি সকলোৱে আশা কৰিছো ৰিতুলক নিশ্চয় শীঘ্ৰে সুশৰীৰে -সুস্থভাৱে পিতৃ মাতৃৰ বুকুলৈ উভতাই আনিব পাৰিম । এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পুৱা ৯:৩০ বজাত অ 'এন জি চিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ তিতাবৰ বৰহোলাৰ বাহগৃহত হেলিকেপ্টাৰৰে আহি উপস্থিত হয় আৰু পৰিয়ালৰ সৈতে খা খবৰ লৈ এক বিশেষ আলোচনাত মিলিত হয় । তেওঁ ৰিতুলৰ বাহগৃহত উপস্থিত হোৱাৰ লগে লগে পিতৃ পোনা শইকীয়া , মাতৃ মঞ্জু শইকীয়া আৰু পত্নী পম্পী শইকীয়া আবেগ বিহ্বল হৈ শোকত ভাগি পৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰিতুলৰ অসুস্থ পিতৃ -মাতৃৰ স্বাস্থ্যৰ বুজ লৈ তেওঁলোকক আশ্বাস প্ৰদান কৰি কয়- ৰিতুল বৰ্তমান আলফা স্বাধীনৰ জিম্মাত ম্যানমাৰত কুশলে আছে। চৰকাৰে যিমান পাৰে পদক্ষেপ গ্ৰহণ কৰিছে আৰু শীঘ্ৰে ৰিতুলক সুস্থভাৱে ঘৰলৈ উভতাই আনিব ।

ইয়াৰ পিছতে ৰিতুলৰ চাৰিমহীয়া সন্তানক একোলা লৈ মূৰত হাত ফুৰাই মুখ্যমন্ত্ৰীয়ে কণমানিটোক আশীৰ্বাদ দিয়ে । প্ৰায় আধা ঘণ্টা সময় ধৰি ৰিতুলৰ বাসগৃহত কটাই উভতাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমেৰে বাৰ্তালাপ কৰি আলফা স্বাধীন আৰু চৰকাৰৰ মাজৰ শেহতীয়া পৰিৱেশ আৰু পৰিস্থিতিৰ সন্দৰ্ভত কেতবোৰ যোগাত্মক বাৰ্তা দিয়ে । মুখ্যমন্ত্ৰীয়ে কয় যে আলফা স্বাধীনে সামাজিক মাধ্যমৰ যোগেদি কিছু দাবী উত্থাপন কৰিছে । থলুৱা বাবে অ' এন জি চিত চাকৰি সংৰক্ষণ তথা নিযুক্তিৰ ।

এই সন্দৰ্ভত চৰকাৰৰ কোনো আপত্তি নাই । কিন্তু ৰাইজক নোকোৱা কিছুমান কথা থাকে যিবিলাক চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে । এই ক্ষেত্রত কাক কিমান বিশ্বাস কৰিব পাৰি ,কাক কিমান বিশ্বাস কৰিব নোৱাৰি তেনেধৰণৰ বহু কথা আছে । বৰ্তমান এই মই এইখিনি কথা সংবাদ মাধ্যমত পাতিব বিচৰা নাই ।

কিন্তু চৰকাৰৰ ফালৰ পৰা শান্তি প্ৰক্ৰিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছো । আনহাতে আলফা স্বাধীন পৰেশ বৰুৱাই সম্প্ৰতি যুদ্ধ বিৰতি ঘোষণা কৰাৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে পৰেশ বৰুৱা ডাঙৰীয়াই ক'ভিড পৰিস্থিতিৰ বাবে তিনিমাহৰ বাবে যি যুদ্ধ বিৰতি ঘোষণা কৰিছে এই ক্ষেত্ৰত মই বিনম্ৰতাৰে আহবান জনাওঁ যে আমাৰ অসমত তেজৰ ফাকু বহুত খেলা হল ।

১৯৮৫ চনৰ পৰা চলি অহা এই যুদ্ধখনৰ কাৰোৰে আজিলৈকে সমাধান দিব পৰা নাই । আলফালৈ ওলাই যোৱা বহু যুৱকৰ মাতৃৰ বুকু শুদা কৰা হল । তদুপৰি যিখিনি তেজাল যুৱকে অসমৰ উন্নয়নৰ বাবে বৰঙণি দিব লাগিছিল কিন্তু তেওঁলোকে জংগলত মৃত্যুৰে যুজঁ দি আছে। গতিকে সংযুক্ত মুক্তি বাহিনী ফালৰ পৰা আমালৈ আলোচনাৰ প্ৰস্তাৱ আহক আমি তেতিয়া যুদ্ধ বিৰতি ঘোষণাক ইতিবাচক দিশ বুলি বিবেচনা কৰিম । আৰু এই যুদ্ধ বিৰতি পৰৱৰ্তী পৰ্যায়ত কি কথা আলোচনা কৰিব লাগে আমি কৰিম।

চৰকাৰে সীমাবদ্ধতা প্ৰতি সন্মান জনাই আলোচনাৰ দুৱাৰ মুকলি কৰিব । তেতিয়া হয়তো জাতিটোৱে নতুন জীৱন পাব । মই পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ জনাম আপুনি আলোচনালৈ আহক । অসমৰ মানুহে শান্তি বিচাৰিছে । অসমৰ মানুহে এনেবোৰ পৰিৱেশ আৰু চাব খোজা নাই । টিংৰাইৰ পিতৃ মাতৃৰ হেৰুৱা সন্তান আৰু ৰিতুলৰ বৃদ্ধ পিতৃ মাতৃৰ এনেকুৱা দৃশ্য আমি কোনেও চাব খোজা । নাই গতিকে আলোচনা হব লাগে ।

আনহাতে আলফা স্বাধীনৰ সামৰিক বাহিনীৰ অভিযানৰ বন্ধ কৰাৰ সন্দৰ্ভত ড০ শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আলফাই তিনিমাহৰ যুদ্ধ বিৰতি চৰকাৰৰ লগত আলোচনা কৰি দিয়া নাই গতিকে যদি কোনোবাই অসমত অস্ত্ৰ -সশস্ত্ৰ লৈ বিচৰণ কৰি থাকিলে আমি তাক যুদ্ধ বিৰতি বুলি নধৰিম । কিন্তু এটা কথা ঠিক যে যদি আলোচনাৰ মঞ্চত আহি যুদ্ধ বিৰতি হয় তেতিয়া চৰকাৰে পৰৱৰ্তী পদক্ষেপৰ গ্ৰহণ কৰি সামৰিক অভিযানৰ কথা বিবেচনা কৰিব কৰিব পাৰো।

গতিকে এই ক্ষেত্রত মই নেগেটিভ মন্তব্য দিব খোজা নাই । আলোচনাৰ বাবে চৰকাৰৰ দুৱাৰ সদায় মুকলি থাকিব। তথাপি কব খোজো পৰেশ বৰুৱা ডাঙৰীয়াৰ কথাত আশাৰ কিৰণ আছে । এই আশাৰ কিৰণক চৰকাৰে সাৱটি ধৰাত আপত্তি নাই বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই পৰোক্ষভাৱে এক প্ৰকাৰ পৰেশ বৰুৱালৈ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে । উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলফা স্বাধীনৰ প্ৰতি এনে ইতবাচক পদক্ষেপ পৰেশ বৰুৱাই কেনেদৰে লয় সেয়া অনাগত দিনত যথেষ্ট লক্ষনীয় হব।

স্মৰ্তব্য যে অ' এন জি চিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ বাহগৃহলৈ অহা এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে সাংসদ পল্লৱলোচন দাস , তপন কুমাৰ গগৈ , কামাখ্যা প্ৰসাদ তাছা , তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আৰু জিলা উপায়ুক্ত ৰশ্মি অপাৰঞ্জি কৰাটিয়ে ।

উল্লেখযোগ্য বিগত ২৫ দিন ধৰি অপহৃত ৰিতুল শইকীয়াৰ সন্ধানৰ সন্দৰ্ভত কোনো ধৰণৰ তথ্য লাভ নকৰাৰ পিছত আজি এনেদৰে মুখ্যমন্ত্ৰীয়ে পৰিয়ালক ৰিতুল শইকীয়া বৰ্তমান আলফা স্বাধীনৰ জিম্মাত ম্যানমাৰত কুশলে থকা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে আশ্বস্ত কৰাৰ পিছত দুৰ্ভগীয়া পৰিয়ালটোলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।