মুখ্য-পৃষ্ঠা

পঢ়ি শেষ নোহোৱা কোনো ছাত্ৰ নেতা ৰাজনীতিলৈ অহাটো নিবিচাৰোঃ হিমন্ত বিশ্ব…

asomiyapratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ৰাজ্যৰ শিক্ষা/স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰেডিচন ব্লুুত সম্বোধন কৰে এখনি সংবাদমেল। এই সংবাদমেলত জম্মু-কাশ্মীৰৰ পি ডি এফ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাক লৈ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে।

তেওঁ কয় যে, যিটো দলে জম্মু-কাশ্মীৰত ৩৭০নং ধাৰা উঠাই লৈ পাকিস্তানক সমৰ্থন কৰে তেনে এটা দলৰ সৈতে কংগ্ৰেছৰ মিতিৰাতি আছে। অসমপৰ প্ৰেক্ষাপটতো আজমলৰ সৈতে কংগ্ৰেছৰ এনে মিতিৰালি বুলি কৈ কঠোৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে।

তেওঁ লগতে কয় যে, অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একলগ হবলৈ হবলৈ মই আগতেও অনুৰোধ জনাম আৰু এতিয়াও জনাইছো। আছুৰ নেতৃত্ব ৰাজনৈতিক ক্ষেত্ৰখনলৈ অহাৰ প্ৰসংগত তেওঁ কয়, ছাত্ৰ সকল ৰাজনীতিলৈ অহাতো ভাল কথা নহয়। এজন শিক্ষামন্ত্ৰী হিচাপে কৈছো। তেওঁ কয়, লুৰিণজ্যোতি গগৈকো তেখেতৰ মাক -দেউতাকে বহু কষ্ট কৰি পঢ়াইছে। গতিকে যদি এতিয়া পঢ়া কমপ্লিট হোৱা নাই। মই ৰাজনীতিলৈ নহাটোৱেই কামনা কৰিম।