মুখ্য-পৃষ্ঠা

হিমাচল প্ৰদেশত তুষাৰপাত, হ্ৰাস পাইছে তাপমাত্ৰা

asomiyapratidin

ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশত যোৱা ২৪ ঘণ্টাধৰি হোৱা প্ৰবল তুষাৰপাতৰ ফলত ৰাজ্যখনত ক্ৰমাৎ হ্ৰাস পাইছে তাপমাত্ৰা। তুষাৰপাতৰ ফলত ৰাজপথত যান-বাহন চলাচল ব্যাহত হৈ পৰা লগতে স্তব্ধ হৈ পৰিছে জনজীৱন।

বৃহস্পতিবাৰে ৰাজ্যখনৰ কেইবাখনমান ঠাইৰ তাপমাত্ৰা হ্ৰাস পাইছে। উল্লেখ্য যে, কেইলঙত -৩.৩ ডিগ্ৰী চেলছিয়াছ, মানালীত -১.২ ডিগ্ৰী চেলছিয়াছ, কালপাত -০.৮ ডিগ্ৰী চেলছিয়াছ, কুফ্ৰীত -০.৩, ছিমলাত ৩.৩ ডিগ্ৰী চেলছিয়াছ আৰু ধৰমশালাত ৮.৮ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাইছে তাপমাত্ৰা।