মুখ্য-পৃষ্ঠা

কণমাণি কৃষাংকক লাগে স্বাস্থ্যমন্ত্ৰীৰ লগতে আপোনাৰ সহায়…

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ এগৰাকী অতি মৰম লগা প্ৰখৰ বুদ্ধিসম্পন্ন বাৰ বছৰীয়া কণমানি শিশু । পখিলা খেদা বয়স তাৰ । বুকুত অযুত সপোন । সপোনে পাখি মেলা বয়সতে তাৰ জীৱনলৈ নামি আহিল বিপৰ্যয়। যাৰ বাবে চকুলোৰে বাট নেদেখা হৈছে পিতৃ-মাতৃয়ে । জটিল ৰোগত আক্ৰান্ত পুত্ৰৰ চিকিৎসাৰ নামত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে পৰিয়ালটোৱে । নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দৌলাশালৰ বিজয় নাথ আৰু অনামিকা নাথৰ একমাত্ৰ পুত্ৰ কৃষাংক নাথ আক্ৰান্ত এক দুৰাৰোগ্য জটিল ৰোগত ।

দৌলাশাল শিশু নিকেতনৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ কৃষাংক এতিয়া বৃক্ক ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়তে জীৱন- মৃত্যুৰ সৈতে যুঁজ দি আছে । অসহায় পিতৃ-মাতৃৰ কৰুণ বিননি। অৰ্থৰ অভাৱত পুত্ৰক উপযুক্ত চিকিৎসা কৰিব পৰা নাই । তিনি বছৰ বয়সৰ পৰাই অসুস্থ হৈ পৰিছিল কৃষাংক । জ্বৰৰ লগতে হাত-ভৰি , চকু-মুখ অস্বাভাৱিক ধৰণেৰে ফুলি উঠা পুত্ৰক বিভিন্ন সময়ত জি এম চি এইচকে ধৰি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰাৰ উপৰিও বহিঃৰাজ্যতো চিকিৎসা কৰি জুৰুলা হৈ পৰিছিল পৰিয়ালৰ লোকে ।

কিছু সুস্থ হৈ উঠিছিল যদিও যোৱা জুলাই মাহত পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰে কৃষাংক ।ক'ৰোনা মহামাৰীৰ বাবে প্ৰথমতে বৰপেটা আৰু পৰৱৰ্তী সময়ত জি এম চি এইচত চিকিৎসা প্ৰদান কৰি বৰ্তমান গুৱাহাটীৰ আয়ুসন্দ্ৰা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কৃষাংক । বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত চিকিৎসকে কৃষাংকৰ দুয়োটা বৃক্ক বিকল হোৱাটো নিশ্চিত বুলি পৰিয়ালক জনায় ।এই ভয়াবহ খবৰটো পাই ভাগি পৰে শংকৰদেৱ শিশু নিকেতনত শিক্ষকতা কৰি কোনোমতে সংসাৰ চলাই থকা দুই পিতৃ-মাতৃ ।

চিকিৎসকৰ পৰামৰ্শমতে এই কেইদিনতে দুই-তিনি বাৰ "ডাইলোচিছ" কৰা হৈছে বুলি জানিব পৰা গৈছে অসুস্থ কৃষাংকক । এটা কিডনি সংৰোপণৰ পৰামৰ্শ দিছে চিকিৎসকে ।একমাত্ৰ পুত্ৰৰ জীৱন ৰক্ষাৰ বাবে পিতৃ-মাতৃয়ে আগবাঢ়ি আহিছে পুত্ৰক বৃক্ক দান দিবলৈ । কিন্তু সেয়াও অত্যধিক ব্যয়বহুল হোৱাত অসহায় হৈ পৰিছে পিতৃ-মাতৃ ।

এইক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বৰক্ষেত্ৰীৰ স্থানীয় বিধায়ক নাৰায়ণ ডেকাৰ সহায় বিচাৰিছে অসুস্থ কৃষাংকৰ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে । অন্যহাতে সুহৃদয়বান লোকক ৬০০০১৫০২৭২ আৰু ৭৬৩৭০২১১৮৫ নম্বৰত যোগাযোগ কৰাৰ লগতে চেন্ট্ৰ'ল বেংক অফ ইণ্ডিয়াৰ ৰঙিয়া শাখাৰ আই এফ এচ চি কোড নম্বৰ- চি বি আই এন ০২৮৩৫৯৩ আৰু ৩২৩৫৪৫২২৮৯ নম্বৰ একাউন্টত আৰ্থিক সহায়ৰ বাবে মিনতি জনাইছে দিশহাৰা পৰিয়ালটোৱে ।