মুখ্য-পৃষ্ঠা

কেৰালাৰ পিছত এইবাৰ হিমাচলত বান, ১৮ জনৰ মৃত্যু

asomiyapratidin

ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতৰ পিছত এইবাৰ বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশত। দেওবাৰৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানত ৰাজ্যখনত এই পৰ্যন্ত নিহত হৈছে অতি কমেও ১৮ জনকৈ লোক।

সোমবাৰে ৰাজ্যখনৰ কিনাউৰ জিলাত বানে এখন দলং উটুৱাই নিয়াৰ বাতৰিও পোৱা গৈছে। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, ছোলান জিলাত ৮জন, মন্দি জিলাত ৪জন লোকৰ মৃত্যু ঘটিছে। হামিৰপুৰ আৰু কাংগ্ৰা জিলাত দুজনকৈ লোকৰ মৃত্যু ঘটাৰ লগতে উনা আৰু বিলাসপুৰতো এজনকৈ লোকৰ মৃত্যুমুখত পৰিছে।

ইতিমধ্যে বানাক্ৰান্ত অঞ্চলসমূহলৈ ৰাজ্য চৰকাৰে কেবাটাও উদ্ধাৰকাৰী দল প্ৰেৰণ কৰাৰ লগতে আশ্ৰয় শিবিৰৰো বৱ্যস্থা কৰিছে। ৰাজ্যখনৰ একাধিক স্থানত ভূ-স্খলনৰ আশংকা কৰি বন্ধ কৰি দিয়া হৈছে কেবাটাও পথ। ৰাজধানী চিমলাত ভূ-স্খলনৰ ফলত একাধিক বাহন ক্ষতিগ্ৰস্ত হোৱাৰো বাতৰি পোৱা গৈছে।