মুখ্য-পৃষ্ঠা

হায়দৰাবাদত বানঃ মৃত্যু ৫০গৰাকী…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ দক্ষিণ প্ৰান্তত অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত কেইবাখনো ৰাজ্যত সৃষ্টি হৈছে বান। তেলেংগানা, অন্ধপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰত বিগত দিনকেইটাত অব্যাহত থকা মূষলধাৰ বৰষুণৰ ফলত পৰিস্থিতি অধিক চিন্তাজনক হৈছে।

ইফালে শনিবাৰে নিশাৰে পৰা প্ৰৱল বৰষুঁণৰ ফলত সাগৰসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে হায়দৰাবাদত। বহুলোক বিভিন্নস্থানত আৱদ্ধ হৈ থকাৰ লগতে হায়দৰাবাদ চহৰত ৫০গৰাকী লোকৰ মৃত্যু হৈছে। উল্লেখ্য বিগত ৬টা দিন হায়দৰাবাদত বৰষুণ হৈ থকা সম্ভৱনা প্ৰকট কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।