মুখ্য-পৃষ্ঠা

‘কা’ৰ এই বিষয়ক লৈ আজি উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত শুনানি গ্ৰহণ কৰিব। এই বিষয়সমূহৰ ভিতৰতে নাগৰিকত্ব সংশোধনী আইনক লৈও এক শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।

দেশৰ বিভিন্ন আদালতত নাগৰিকত্ব সংশোধনী আইনক সাংবিধানিক স্বীকৃতি প্ৰদান নকৰিবলৈ দিয়া আবেদন সমূহ উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ কৰাৰ সন্দৰ্ভত আজি ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব।

উল্লেখ্য যে, দেশৰ উচ্চ ন্যায়ালয়ত বহুজনে দিয়া আবেদনৰ শুনানিৰ ৰায়ৰ ক্ষেত্ৰত কিছু পাৰ্থক্য আহিলে সমস্যাৰ উদ্ভৱ হোৱাৰ আশংকা কৰিয়েই এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচৰা হৈছে।