মুখ্য-পৃষ্ঠা

কোভিড ভেকচিনৰ ক্ষেত্ৰত স্বাস্থ্যকৰ্মী,বৃদ্ধ লোকক অগ্ৰাধিকাৰ দিয়া হ’ব – নৰেন্দ্ৰ মোডী

asomiyapratidin

ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সৰ্বদলীয় বৈঠত অংশগ্ৰহন কৰে । ভিডিঅ' কনফাৰেণ্সৰ যোগেদি অনুষ্ঠানত অংশগ্ৰহন কৰে নৰেন্দ্ৰ মোডীয়ে ।মোডীয়ে বৈঠকত কেন্দ্ৰই প্ৰতিষেধকৰ মূল্যক লৈ ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি আছে আৰু জনস্বাস্থ্যক সৰ্বাধিক গুৰুত্ব দিয়া হ'ব বুলি কয় ।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ভেকচিন বিতৰণৰ বাবে একেলগে কাম কৰি আছে। আন ৰাষ্ট্ৰৰ তুলনাত ভেকচিন বিতৰণ আৰু বিশেষজ্ঞতাৰ ক্ষমতা অধিক । টিকাকৰণৰ ক্ষেত্ৰত আমাৰ অভিজ্ঞতাসম্পন্ন নেটৱৰ্ক আছে। আমি ইয়াক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পাৰিম বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

বিশেষজ্ঞ সকলে কোৱা অনুসৰি পৰৱৰ্তী কেই সপ্তাহমানৰ ভিতৰত সাজু হৈ উঠিব কোভিড ভেকচিন ।অতি সোনকালে বিজ্ঞানীসকলে ভেকচিন সন্দৰ্ভত সেউজীয়া সংকেত প্ৰদান কৰিব তাকৰ পিছতে ভাৰতত টিকাকৰণ আৰম্ভ হ'ব। স্বাস্থ্য কৰ্মী,গুৰুতৰ ৰোগত ভুগি থকা বৃদ্ধ লোক, নেত্ৰীস্থানীয় ব্যক্তিক টিকাকৰণত প্ৰথম অধিকাৰ দিয়া হ'ব বুলি ব্যক্ত কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।