মুখ্য-পৃষ্ঠা

কোৰোনাৰ বিৰুদ্ধে এই ভেকচিনে সঞ্জীৱনিৰ দৰে কাম কৰিবঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্ধন…

asomiyapratidin

ডিজিটেল ডেস্কঃ স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্ধনে সহধৰ্মীণিসহ মঙলবাৰে দিল্লীৰ হাৰ্ট এণ্ড লাংগছ ইনষ্টিটিউটত ল'লে কোভিড ভেকচিন। তেওঁ ভেকচিন লোৱাৰ পাছত কয় যে আজি মই আৰু মোৰ পত্নীয়ে এই ভেকচিন ল'লো। আৰু ভেকচিন লোৱাৰ পাছত আমি কোনো অসুবিধা পোৱা নাই।

লগতে ড০ হৰ্ষবৰ্ধনে কয়- 'কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াত এই ভেকচিন সঞ্জীৱনিৰ দৰে কাম কৰিব। আমি ২৫০ টকাকৈ দি এই ভেকচিন লৈছো। যিসকলে এই ভেকচিনৰ বাবে এই ধন দিব নোৱাৰে তেওঁলোকে অনুগ্ৰহ কৰি কাষৰ যিকোনো চৰকাৰী হাস্পতাললৈ যাব পাৰে।'