মেডিশ্বেডত জ্যেষ্ঠ নাগৰিকৰ চিকিৎসাৰ ৰেহাইৰ বাবে Health Card উন্মোচন
মেডিশ্বেডত জ্যেষ্ঠ নাগৰিকৰ চিকিৎসাৰ ৰেহাইৰ বাবে Health Card উন্মোচন 
মুখ্য-পৃষ্ঠা

মেডিশ্বেডত জ্যেষ্ঠ নাগৰিকৰ চিকিৎসাৰ ৰেহাইৰ বাবে Health Card উন্মোচন...

Asomiya Pratidin

ডিজিটেল সংবাদ গুৱাহাটীঃ "একোগৰাকী জ্যেষ্ঠ নাগৰিকে জীৱন যোৰা সাধনাৰে সমাজলৈ বৰঙণি আগবঢ়াইছে। বৰঙনি সমৃদ্ধ জ্যেষ্ঠ নাগৰিকসকলক, আদৰাটো আমাৰ কৰ্তব্য আৰু সামাজিকভাৱে আমি দায়বদ্ধ "আজি গুৱাহাটী চানমাৰিস্থিত মেডিশ্বেড নামৰ স্বাস্থ্য সেৱা প্ৰতিস্থানটিৰ দ্বিতীয় বৰ্ষপৃৰ্তি উপলক্ষে অনুষ্ঠিত সভাত খ্যাতিমান সাংস্কৃতিক কৰ্মী প্ৰস্তুতি পৰাশৰে এনেদৰে কয়।

অনুষ্ঠানটোৰ জ্যেষ্ঠ প্ৰবন্ধক বিমল বৰাই আঁতধৰা সভাত বক্তব্য ৰাখি অভিনেত্ৰীগৰাকীয়ে জ্যেষ্ঠ নাগৰিকৰ বাবে ৰেহাই মূল্যত চিকিৎসা কৰা আৰু ৰেহাই মূল্যত ঔষধ যোগান ধৰা ব্যৱস্হাই জ্যেষ্ঠ নাগৰিকক উপকৃত কৰিব বুলিও কয়।

অনুষ্ঠানত অংশ লোৱা ডাঃ হেমেন ৰাম ফুকন, ডাঃ নীলোৎপল দাস, ডাঃ যোগেশ বৰকটকী, ডাঃ জীৱেশ্বৰ ঠাকুৰীয়া আৰু অভিনেত্ৰী প্ৰস্তূতি পৰাশৰে উমৈহতীয়া ভাবে মেডিশ্বেড নামৰ অনুষ্ঠানটোৱে জ্যেষ্ঠ নাগৰিকসকলৰ চিকিৎসাৰ ৰেহাইৰ বাবে উলিওৱা Health Card উন্মোচন কৰে।

অনুষ্ঠানত ডাঃ ৰূপলেখা গোস্বামী, ডাঃ বুদ্ধদেব খাখলাৰী, ডাঃ সংগীতা বৰঠাকুৰসহ বিভিন্ন শ্ৰেণীৰ বহু লোকে অংশ লয়। পৰিচালন সঞ্চালক ডাঃ ত্ৰিদীপ গোস্বামী আৰু সংঞ্চালক ৰজত কুমাৰ শৰ্মাই এনে উচ্চমানৰ চিকিৎসা সেৱাৰ অনুষ্ঠানটিয়ে সামাজিক দায়বদ্ধতাৰে কাম কৰিব বুলি এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰিছে।