মুখ্য-পৃষ্ঠা

মানকাচৰৰ খাৰুৱাবান্ধাত ভাৰতীয় টকাৰ জাল নোট সহ গ্ৰেপ্তাৰ এজন…

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাত শুকুৰবাৰে দিনৰ প্ৰায় ১০ বজাত আৰক্ষীয়ে এজন জাল নোট সৰবৰাহকাৰীক ভাৰতীয় টকাৰ জাল নোট সহ গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে খাৰুৱাবান্ধা বজাৰত কঠালবাৰী গাঁৱৰ ছহিজল শেখ নামৰ লোক জনৰ পুত্ৰ ৰিজাবুল ইছলাম চেণ্ডেলৰ দোকান এখনত দুই হেজাৰ টকাৰ জাল টকাৰে ছেণ্ডেল কৰিবলৈ আহে।

যুৱক জনে ১৫০ টকাৰ ছেণ্ডেল লৈ পকেটৰ পৰা কেবাটাও ২ হেজাৰ টকাৰ নোটৰ পৰা এটা নোট দোকানী জনক দিয়াৰ পাছত দোকানী জনৰ সন্দেহ হোৱাত যুৱক জনক আটক কৰি আৰক্ষীক খবৰ দিয়ে। এই ঘটনাৰ পাছতেই খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ছমিৰন ডেকা ঘটনাস্থলীত উপস্থিত হৈ যুৱক জনক আটক কৰি তেওঁৰ পৰা ২ হেজাৰ টকাৰ পাঁচ টা নোট জাল নোট জব্দ কৰে। আৰক্ষীয়ে ইতিমধ্যে যুৱক জনক সোধা পোছা কৰি তেওঁক গ্ৰেপ্তাৰ কৰিছে।

ধৃত জাল নোট সৰবৰাহকাৰী যুৱক জনে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, জিলা খনৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী কানাইমাৰা গাঁৱৰ জাল নোট চক্ৰ এটাই তেওঁক এই দহ হেজাৰ টকা দি বজাৰত সামগ্ৰী ক্ৰয় কৰিবলৈ দিছিল। নোট খিনি চলাবলৈ পাৰিলে প্ৰতিটো দুই হেজাৰ টকাত বিনিময়ত যুৱক জনক তিনিশ টকাকৈ দিয়া হব বুলি প্ৰলোভন দিছিল। ইয়াৰ পাছতেই তেওঁ এইদৰে বজাৰত ছেণ্ডেল কিনিবলৈ আহি আৰক্ষীৰ হাতত ধৰা পৰে।

ঘটনাক লৈ আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে। ঘটনাৰ লগত জড়িত একাংশ লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জনে জানিবলৈ দিছে।মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে প্ৰায় ১০ দিন পূৰ্বে দক্ষিণ শালমাৰাৰ পাটাকাটা অনুৰূপ ঘটনা সংঘটিত হৈছিল। জাল নোট দি সামগ্ৰী ক্ৰয় কৰিবলৈ অহা যুৱক এজনক ৰাইজে আটক কৰি দক্ষিণ শালমাৰা থানাত গতাই দিছিল।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইদৰে জাল নোট চক্ৰ সক্ৰিয় হৈ উঠিছে। বজাৰে বজাৰে একাংশ দৰিদ্ৰ যুৱকক টাৰ্গেট কৰি তেওঁলোকক ধনৰ প্ৰলোভন দি বজাৰত এনে নোটৰ দ্বাৰা সামগ্ৰী ক্ৰয় কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। ভাৰত বাংলাদেশ সীমান্তৱৰ্তী জিলা খনত গৰু চোৰাং কাৰবাৰ কৰা চোৰাং বেপাৰী সকল এই জাল নোট সৰবৰাহৰ ক্ষেত্ৰত জড়িত হৈ থকা বুলি দীৰ্ঘ দিনৰ পৰা অভিযোগ উত্থাপন হৈ আহিছে।

অভিযোগ মতে গৰু চোৰাং বেপাৰী বাংলাদেশত ১ লাখ টকাৰ গৰু চালনা কৰিলে বাংলাদেশীৰ পৰা ৬০ শতাংশ অধিক লাভত অৰ্থাৎ ১.৬০ লাখ টকা লাভ কৰে। আৰু এই টকা খিনি তেওঁলোক ভাৰতীয় বজাৰত প্ৰচলন কৰি দুই ফালৰ পৰা লাভম্বিত হয়। গৰু চোৰাং বেপাৰী একাংশ দৰিদ্ৰ লোকক টাৰ্গেট কৰি তেওঁলোকক বিনামূলীয়াকৈ ১০/২০ হেজাৰ টকা হাতত দি বজাৰত সামগ্ৰী ক্ৰয় কৰিবলৈ দিয়ে। প্ৰতি দুই হেজাৰত ৩/৪শ টকা দি এইদৰে একাংশ দৰিদ্ৰ লোকক বিপদত পেলাই আহিছে। এই ক্ষেত্ৰত আৰক্ষীয়ে কিদৰে এই জাল নোট চক্ৰটোক উৎখাত কৰিব পাৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব