মুখ্য-পৃষ্ঠা

হাটশিঙিমাৰীত যৌতুক বিচাৰি বোৱাৰী হত্যা, স্বামীসহ ৬ জনৰ বিৰুদ্ধে থানাত এজাহাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগত থকা সুখচৰ গাঁৱত এগৰাকী মহিলাক স্বামীয়ে যৌতুক বিচাৰি প্ৰহাৰ কৰা ঘটনাৰ পাছত মহিলাগৰাকী নিহত হোৱা ঘটনাক লৈ ভূক্তভোগী মহিলাৰ অভিভাৱকে শুকুৰবাৰে স্বামী সহ ৬ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে প্ৰায় ৬ বছৰ পূ্ৰ্বে কামৰূপ জিলাৰ ছয়গাওঁ থানা এলেকাৰ বৰাখাট গাঁৱৰ বাসিন্ধা নুৰুল ইছলামৰ জীয়েক ৰাসিদা খাতুনক গুৱাহাটী মহানগৰীৰ হাতীগাঁও সিজুবাৰীৰ পৰা হাটশিঙিমাৰীৰ সুখচৰ থানা এলেকাৰ সুখচৰ গাওঁৰ আজিয়েৰ ৰহমানৰ পুত্ৰ সাহিদুৰ সেখ পলাই লৈ আহে। মহিলা জনীক পিতৃয়ে প্ৰথমে হাতীগাঁওত সামাজিক ভাবে বিবাহ দিছিল। উক্ত স্বামীৰ ঘৰত মিস্ত্ৰী হিচাপে ভাৰা লোৱা সাহিদুৰ সেখ মহিলা জনীক পলাই আনি বিবাহ পাতে। মহিলা জনী পলাই অহাৰ সময়ত প্ৰায় দুই লাখ নগদ ধন, সোন-ৰূপৰ আ-অলংকাৰ আনি সাহিদুৰ নামৰ নতুন স্বামীৰ হাতত তুলি দিছিল।

কিন্তু নতুন স্বামী সাহিদুৰ সমস্ত টকা খৰচ কৰি পিতৃ গৃহৰ পৰা যৌতুকৰ দাবী কৰে। এই যৌতুকৰ কথা মহিলা জনীয়ে অস্বীকাৰ কৰাৰ ফলত মহিলা জনীক স্বামীয়ে শাৰিৰীক-মানসিক ভাবে অত্যাচাৰ চলাবলৈ আৰম্ভ কৰে। শেহতীয়াকৈ যোৱা বুধবাৰে মহিলা জনীক অতি নিৰ্মম ভাবে অত্যাচাৰ চলোৱাৰ ফলত গুৰুতৰ ভাবে অসুস্থ হৈ পৰে। ফলত মহিলা জনীক ততাতৈয়াকৈ গোৱালপাৰা অসামৰিক চিকিতসালয়ত ভৰ্তি কৰা হয় যদিও বৃহস্পতিবাৰ অৰ্থাত যোৱা কালি বিয়লিৰ ভাগত মহিলা জনী নিয়তিৰ ওচৰত হাৰ মানি মৃত্যুক আকোৱাই লয়।

এই ঘটনাৰ পাছতেই স্বামী গৃহৰ পৰা স্বামী সহ সকলো সদস্য পলায়ন কৰে যদিও শুকুৰবাৰে পুৱাৰ ভাগত ভূক্তভোগী ৰাসিদাৰ পিতৃ নুৰুল ইছলাম সহ আন একাংশ অভিভাৱক আহি স্বামী গৃহত উপস্থিত হয়। স্থানীয় ৰাইজে ৰাসিদাক অত্যাচাৰ চলোৱাৰ সমগ্ৰ ঘটনা বিতংক ভাবে প্ৰকাশ কৰাৰ পাছত নুৰুল ইছলাম সুখচৰ থানাত এটি এজাহাৰ দাখিল কৰে।

এজাহাৰ খনত স্বামী সাহিদুৰ সেখ, স্বামীৰ মাতৃ ছানোৱাৰা বিবি, নবান সেখৰ পুত্ৰ আজিয়েৰ ৰহমান, আজিয়েৰ ৰহমানৰ পুত্ৰ বাহাদুৰ সেখ আৰু জিলাল সেখ আৰু বাহাদুৰ সেখৰ পত্নী কুলছুম বিবিৰ নাম উল্লেখ কৰি তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ইফালে ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে কাকো গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই।