মুখ্য-পৃষ্ঠা

হাটশিঙিমাৰীত মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত বিনামূলীয়া চিলাই মেচিন বিতৰণ…

asomiyapratidin

প্ৰতিদিন বিশেষ সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থ মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত শুকুৰবাৰে দিনৰ প্ৰায় ২ বজাত জিলাখনৰ অন্যান্য পিছপৰা শ্ৰেনীৰ মুঠ ৩৯ গৰাকী মহিলা হিতাধিকাৰীক একোটাকৈ বিনামূলীয়া চিলাই মেচিন বিতৰণ কৰা হয়।

উল্লেখযোগ্য যে, ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়তৰ জৰিয়তে অন্যান্য পিছপৰা শ্ৰেনীৰ লোকৰ উন্নয়ণৰ বাবে বিভিন্ন আঁচনিৰ জৰিয়তে হিতাধিকাৰী সকলক বিভিন্ন সামগ্ৰী বিতৰণ কৰি আহিছে। শুকুৰবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তত থকা মুঠ ৩৯ গৰাকী মহিলা হিতাধিকাৰীক ৩৯ টা চিলাই মেচিন বিনামূলীয়াকৈ বিতৰণ কৰে।

পিছপৰা শ্ৰেনীৰ মহিলা সকলে এই চিলাই মেচিনৰ দ্বাৰা যাতে ঘৰতে কাম কৰি উপাৰ্জন কৰিব পাৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহন কৰি বিনামূলীয়াকৈ চিলাই মেচিন বিতৰণ কৰে। চিলাই মেচিন লাভ কৰা দিপালী ঘোষ নামৰ মহিলা হিতাধিকাৰী গৰাকীয়ে চৰকাৰী ভাবে বিনামুলীয়া চিলাই মেচিন লাভ কৰি চৰকাৰৰ প্ৰশংসা কৰে।

আনহাতে জিলাখনত এই মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ পৰা মুঠ ৩৭৬ গৰাকী অন্যান্য পিছপৰা শ্ৰেনীৰ হিতাধিকাৰীক বিশুদ্ধ খোৱা পানীৰ ফিল্টাৰ বিতৰণ কৰি আহিছে। ইতিমধ্যে ৩৭৬ গৰাকী হিতাধিকাৰীৰ ভিতৰত ২০৫ গৰাকী হিতাধিকাৰীয়ে এই ফিল্টাৰ লাভ কৰাৰ লগতে অহা সপ্তাহত আন ১৭১ গৰাকী হিতাধিকাৰীক বিশুদ্ধ খোৱা পানীৰ ফিল্টাৰ বিতৰণ কৰিব বুলি মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ জেষ্ঠ সহায়ক অমিত্য চন্দ্ৰ মণ্ডলে জানিবলৈ দিয়ে।

 আনহাতে অহা সোমবাৰেও ১৯৮ গৰাকী হিতাধিকাৰীক এই কাৰ্যালয়ৰ পৰা কৃষি সজুলি বিনামুলীয়াকৈ বিতৰণ কৰাৰ কাৰ্যসূচী হাতত লৈছে বুলি বিষয়া জনে জানিবলৈ দিয়ে