মুখ্য-পৃষ্ঠা

ছোনীয়াক লৈ বিজেপি মুখ্যমন্ত্ৰীৰ আপত্তিজনক মন্তব্য, নাৰীবিৰোধী স্থিতি প্ৰকাশ কৰাৰ অভিযোগ কংগ্ৰেছৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশৰ কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী ৰণশিঙা বজোৱাৰ সমান্তৰালভাৱে সৃষ্টি হৈছে ৰাজনৈতিক দলসমূহৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণৰ জোৱাৰ। তদুপৰি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ নেতা-মন্ত্ৰীয়ে কৰা আপত্তিজনক মন্তব্য, বিতৰ্কিত মন্তব্যইও এতিয়া লাভ কৰিছে সৰৱ চৰ্চা। শেহতীয়াকৈ হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনীয়া গান্ধীক লৈ কৰা মন্তব্যৰ পিছতে ক্ষমা খোজাৰ দাবী তুলিছে কংগ্ৰেছে।

জানিব পৰা মতে, দেওবাৰে এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰে কয়, 'লোকসভা নিৰ্বাচনৰ পৰাজয় বৰণ কৰাৰ পিছত অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল ৰাহুল গান্ধীয়ে। তাৰ পিছতে চৰ্চা চলিবলৈ আৰম্ভ কৰে যে এইবাৰ কংগ্ৰেছৰ অধ্যক্ষ পদ গান্ধী পৰিয়ালৰ বাহিৰৰ কোনোবাক প্ৰদান কৰা হ'ব। সেই অনুসৰি দেশজুৰি অধ্যক্ষৰ বাচনি প্ৰক্ৰিয়াও আৰম্ভ হ'ল। আমিও কংগ্ৰেছৰ সেই সিদ্ধান্তক সমৰ্থন জনালো। কিন্তু শেষত গৈ ৩ মাহৰ পিছত ছোনীয়া গান্ধীকে পুনৰ এবাৰ প্ৰদান কৰা হ'ল কংগ্ৰেছৰ দায়িত্ব। এয়া এনেধৰণৰ কথাই হ'ল যে পাহাৰ খান্দি এন্দুৰ ওলাল… তাকো মৰা (খোদা পাহাৰ, নিকলি চুহা, অ ভী মৰি হুই)।

মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যক আপত্তিজনক আখ্যা দিছে কংগ্ৰেছে। টুইটাৰত কংগ্ৰেছে এই মন্তব্যৰ বিৰোধিতা কৰি লিখিছে- 'বিজেপিৰ মুখ্যমন্ত্ৰীগৰাকীৰ এনে ভাষ্য কেৱল নিকৃষ্টই নহয়, তীব্ৰ আপত্তিজনকো। ইয়াৰ পৰা বিজেপিৰ নাৰীবিৰোধী চৰিত্ৰও প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী খট্টৰে এনে কটু মন্তব্যৰ বাবে ক্ষমা খোজা উচিত।'