মুখ্য-পৃষ্ঠা

মঞ্চতেই কুঠাৰ দাঙি কাক শিৰচ্ছেদ কৰাৰ ভাবুকি দিলে মুখ্যমন্ত্ৰীয়ে? VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ জনসভাত এগৰাকী মুখ্যমন্ত্ৰীৰ খঙক লৈ এতিয়া চলিছে সৰৱ চৰ্চা। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে এক জনসভা সম্বোধন কৰাৰ সময়তে নিজৰে দলৰ এজন নেতাক কুঠাৰেৰে ঘপিয়াই শিৰচ্ছেদ কৰাৰ ভাবুকি দিয়াক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এগৰাকী মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সন্মুখতে কৰা এনে আচৰণৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে এখন জন আশীৰ্বাদ ৰেলী সম্বোধন কৰাৰ অন্তত মঞ্চত ভাষণ দিবলৈ উঠিছিল। হাতত কুঠাৰ লৈ থকা মুখ্যমন্ত্ৰীগৰাকীক সেই সময়ত পিছফালৰ পৰা এজন বিজেপি নেতাই পৰম্পৰাগত টুপী পিন্ধাবলৈ চেষ্টা কৰে। তাতেই মুখ্যমন্ত্ৰীগৰাকীয়ে খং কৰি হাতৰ কুঠাৰ দাঙি বিজেপি নেতাজনৰ ডিঙি কটাৰ ভাবুকি দিয়ে। মুখ্যমন্ত্ৰীৰ এনে আচৰণ দেখি হাতজোৰ কৰি ক্ষমা খুজিবলৈ বাধ্য হয় বিজেপি নেতাজনে।

মুখ্যমন্ত্ৰীগৰাকীৰ এনে আচৰণৰ ভিডিঅ'টো কংগ্ৰেছ নেতা ৰণদ্বীপ সুৰজেৱালাইও টুইটাৰত শ্বেয়াৰ কৰিছে। য'ত তেওঁ লিখিছে- খং আৰু অহংকাৰ স্বাস্থ্যৰ বাবে হানিকাৰক। খট্টৰ চাহাবৰ খং কিয় উঠে। হাতৰ কুঠাৰ দাঙি নিজৰেই দলৰ নেতাক ভাবুকি দিয়ে- ডিঙি কাটিম তোৰ। তেন্তে ভাৱক, সাধাৰণ জনতাৰ সৈতে তেওঁ কি কৰিব?

উল্লেখ্য যে, মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰে ৰাজহুৱাকৈ খং প্ৰদৰ্শন কৰাৰ এয়াই প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বেও কৰ্নালত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ফটো উঠিবলৈ যোৱা এজন যুৱকক গতিয়াই দি ৰাগ ব্যক্ত কৰিছিল খট্টৰে। আনহাতে ফেব্ৰুৱাৰী মাহত ১৯ লাখ টকাৰ সম্পত্তি চুৰি হোৱাৰ পিছত ন্যায় বিচাৰি মুখ্যমন্ত্ৰীৰ ওচৰলৈ অহা এহাল বৃদ্ধ দম্পত্তিক অশালীন ব্যৱহাৰ কৰি খেদি পঠিয়াইছিল মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে।