মুখ্য-পৃষ্ঠা

এদিনৰ বাবে মিথিলাপুৰীৰ ৰজা হ’ল কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ বৰ্ধন! চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ এখন বিশেষ ভাওনা। নাট 'লৱ কোষ ৰাম লীলা'। ভাওনাখন চাবলৈ মানুহে ভিৰ কৰিছে। কোনো কোনোৱে আকৌ ভাৱৰীয়া এজনক চাবলৈ আহিছে। সেয়া শুকুৰবাৰৰ দিল্লীৰ এখন ভাওনা।

'আমি জনক ৰজাক চাবলৈ আহিছো'- এইয়া এগৰাকী মহিলাৰ মন্তব্য। কিছু কিছুৰ মতে জনক ৰজাৰ ৰূপত অভিনয় কৰা ভাৱৰীয়াজনক চাবলৈহে তেওঁলোক আহিছে। ভাৱৰীয়াজন কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ মন্ত্ৰী হৰ্ষ বৰ্ধন।

মন্ত্ৰীজনে জনকৰ ভাও কৰিছে। তেওঁ ৰাজনীতিৰ লগতে অভিনয়তো পাকৈত। শুকুৰবাৰৰ দৃশ্যই ইয়াকে প্ৰমাণ কৰিলে। অৱশ্যে অভিনয় কৰাৰ পূৰ্বে বহুকেইদিন আখৰাও কৰিবলগীয়া হৈছিল তেওঁ।

এটা টুইটৰ জৰিয়তে ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰীজনে নিজ মন্তব্যও ব্যক্ত কৰিছে। তেওঁৰ মতে, ৰাম আৰু সীতাৰ আশীৰ্বাদৰ বাবেহে এইয়া সম্ভৱ হৈছে। ইফালে শৈশৱত লাল কিল্লা আৰু চান্দনী চৌকত ৰাম লীলা ভাওনা চোৱাৰ কথাও ক'লে তেওঁ।

চাওঁক জনক ৰজাৰ ৰূপত মন্ত্ৰী হৰ্ষ বৰ্ধনে কৰা নাটৰ কিছু অংশ-