মুখ্য-পৃষ্ঠা

হৰিনামৰ ধ্বনিৰে মুখৰিত ৰহাৰ মঠৰবড়ী অঞ্চল

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ ফেব্ৰুৱাৰীৰ পৰা মৰিগাঁৱত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক অধিবেশন। ইয়াৰ আগতে জিলাই জিলাই অনুষ্ঠিত হৈছে সংঘৰ জিলাসমূহৰ অধিবেশন।

সংঘৰ নগাঁও জিলাৰ অধিবেশনখনো অহা ২৫ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ ৰহাৰ মঠৰবড়ীত অনুষ্ঠিত হ'ব। অধিবেশনৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। নিৰ্মাণ কৰা হৈছে প্ৰতিনিধি শিবিৰ, ভোজনালয় আদি।

হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে পৰিছে মঠৰবড়ী অঞ্চল। হৰিনামৰ ধ্বনিৰ মাজেৰে বৃহস্পতিবাৰে অধিবেশনৰ মুখ্য কাৰ্যালয় মুকলি কৰা হয়। অনুষ্ঠানত নাম প্ৰসংগ, শৰণ-ভজন আদিও অনুষ্ঠিত হয়।