- সুদীৰ্ঘ ৬ বছৰ কাল পাকিস্তানত কাৰাৱাস খাটি ভাৰতলৈ উভতিল হামিদ আনচাৰী।
- বুধবাৰে তেওঁ সাক্ষাৎ কৰে বিদেশ মন্ত্ৰী সুষমা স্বৰাজক।
- মাতৃৰ সৈতে বিদেশ মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে হামিদ আনচাৰীয়ে।
- বিদেশ মন্ত্ৰীক সাক্ষাৎ কৰি পুত্ৰ লাভৰ আনন্দত উথলি উঠে হামিদৰ মাতৃ।
- 'এইখন মোৰ ভাৰতবৰ্ষ, আমি ইয়াৰ নাগৰিক হৈ ধন্য হৈছো।'- এই মন্তব্য কৰে হামিদৰ বৃদ্ধ মাতৃয়ে।
- বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ প্ৰশংসাতো পঞ্চমুখ হৈ পৰে হামিদৰ মাতৃ।
- 'আপুনি সঁচাই মহান, আপোনাৰ বাবে মই আজি পুত্ৰক ঘূৰাই পালো।'
- এই মন্তব্য হামিদ আনচাৰীৰ বৃদ্ধ মাতৃৰ।
- প্ৰেয়সীক লগ কৰিবলৈ গৈ ৬ বছৰ ধৰি পাকিস্তানৰ কাৰাগাৰত আৱদ্ধ হৈ আছিল হামিদ আনচাৰী।
- মঙলবাৰে কাৰাৱাস সম্পন্ন কৰি মাতৃৰ ওচৰলৈ উভতিছিল হামিদ।