- আন্ধাৰ নমাৰ লগে লগে অধিক উত্তপ্ত হৈ পৰিছে দিশপুৰৰ পৰিৱেশ।
- ৰাস্তাৰ দুয়োকাষে কেৱল জুই আৰু জুই।
- প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে ছুপৰামাৰ্কেটৰ ট্ৰেফিক পইণ্ট।
- পথৰ দুয়োকাষে থকা সকলো ৰেলিং, বেৰিকেট জ্বলাই দিছে প্ৰতিবাদকাৰীয়ে।
- ইফালে, প্ৰতিবাদকাৰীক চত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ চেষ্টা।
- ইফালে, গণেশগুৰিৰ পৰা খানাপাৰালৈ আৰু আনফালে গণেশগুৰিৰ পৰা উলুবাৰীলৈকে পথৰ দুয়োকাষে কেৱল জুই।
- আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই উত্তেজিত প্ৰতিবাদকাৰীক।
- জয় আই অসম, কেব বাতিল কৰক আদি শ্ল'গানেৰে উত্তপ্ত কৰি ৰাখিছে সমগ্ৰ পৰিৱেশ।