মুখ্য-পৃষ্ঠা

ৰেলযাত্ৰী মহিলাৰ বেগ চুৰ কৰি হাতে-লোটে ধৰা পৰিল লালমাটিৰ কুখ্যাত চোৰ আজিউৰ…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰেলত যাত্ৰা কৰোতে সাৱধান হওক। যাত্ৰাৰ সময়ত বিশেষকৈ নিজৰ বয়-বস্তুৰ ওপৰত ৰাখক তীক্ষ্ণ নজৰ, কিয়নো যিকোনো মুৰ্হূততে আপোনাৰ বেগ লৈ উধাও হব পাৰে চোৰ। শেহতীয়াকৈ বুধবাৰে মহানগৰীৰ গান্ধীবস্তিত সংঘটিত হল তেনে এক ঘটনাই।

মামণি ৰয়চম গোস্বামীৰ পথৰ মাজেৰে যোৱা ৰেলপথত কিছুসময়ৰ বাবে ৰোৱা ৰেলৰ পৰা এটা মহিলাৰ বেগ লৈ পলাব খোজোতেই ৰাইজে কৰায়ত্ত কৰে এজন যুৱকক। মহিলাৰ বেগৰ সৈতে কৰায়ত্ত কৰা যুৱক জনক ৰাইজে ৰেল আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে সংবাদ মাধ্যমক জনাইছে যে, যুৱকজনে চোৰ কৰাৰ কথা অস্বীকাৰ কৰি লগত থকা বেগত মাতৃৰ বুলি দাবী কৰিছে।

ডিমাপুৰৰ পৰা আহি থকা বুলি কোৱা যুৱকজন লালমাটিৰ আজিউৰ ৰহমান বুলি নিজকে চিনাকি দিলেও স্থানীয় ৰাইজে যুৱকজন গান্ধিবস্তিৰে বুলি দাবী কৰিছে। লগতে স্থানীয় ৰাইজে অভিযোগ কৰে যে, বহুদিনৰে পৰা চুৰিকাৰ্যৰ সৈতে জড়িত আজিউৰ।