মুখ্য-পৃষ্ঠা

লক্ষ্ণৌৰ প্ৰাথমিক বিদ্যালয়ৰ বন্ধ কোঠাৰ পৰা উদ্ধাৰ বন্দুকসহ গুলী আৰু কাৰ্টিজ

asomiyapratidin

ডিজিটেল ডেস্কঃ লক্ষ্নৌৰ এখন প্ৰাথমিক বিদ্যায়লৰ এটা বন্ধ কোঠাৰ পৰা শুকুৰবাৰে পুৱা কেইবাজাঁই গুলীসহ এটা বন্দুক আৰু ৩টা কাৰ্টিজ উদ্ধাৰ হয়৷

জানিব পৰা মতে, লক্ষ্নৌৰ নৰহিৰ এখন প্ৰাথমিক বিদ্যালয়ৰ এটা কোঠা বিগত ৪০ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত বন্ধ হৈ আছিল৷ কিন্তু শুকুৰবাৰে পুৱা বিদ্যালয়খনৰ কৰ্তৃপক্ষই কোঠাটো পৰিস্কাৰ কৰিবলৈ তলা খোলতে আপত্তিজনক সামগ্ৰীখিনি উদ্ধাৰ কৰে৷

ইয়াৰ পিছতে বিদ্যালয়খনৰ কৰ্তৃপক্ষই স্থানীয় আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ বন্দুকসহ গুলী আৰু কাৰ্টিজ জব্দ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে৷ বিগত ৪০ বছৰ ধৰি বন্ধ হৈ থকা বিদ্যালয়ৰ কোঠাটোৰ পৰা কিদৰে আপত্তিজনক সামগ্ৰীখিনি উদ্ধাৰ হ'ল সেই লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷