২০১৭ ত ৯৯ খন আসনেৰে গুজৰাট দখল কৰা বিজেপিয়ে এই পৰ্যন্ত ১০৯ খন আসন লাভ কৰিছে। এতিয়াও দলটো ৪৭ খন আসনত আগবাঢ়ি আছে। আনহাতে কংগ্ৰেছে এই পৰ্যন্ত ১০ খন আসনত জয় লাভ কৰাৰ বিপৰীতে ৭ খন আসনত আগবাঢ়ি আছে। আপে দখল কৰিছে ৪ খন আসন। নিৰ্দলীয়ই ৪ খন আৰু সমাজবাদী পাৰ্টীয়ে ১ খন আসন দখল কৰিছে।
এই পৰ্যন্ত বিজেপিয়ে বিজয় নিশ্চিত কৰিলে ৮৬ খন আসনত। দলটো আগবাঢ়ি আছে আন ৭১ খন আসনত। কংগ্ৰেছে এই পৰ্যন্ত বিজয় নিশ্চিত কৰিছে ৭ খন আসনত। দলটো আগবাঢ়ি আছে ৯ খন আসনত। আনহাতে আম আদমী পাৰ্টীয়ে এই পৰ্যন্ত দখল বিজয় নিশ্চিত কৰিছে ৩ খন আসনত। দলটোৰ আন দুজন প্ৰাৰ্থী দুখন আসনত আগবাঢ়ি আছে। ৩ খন আসনত বিজয় নিশ্চিত কৰিছে নিৰ্দলীয় প্ৰাৰ্থীয়ে।
১৮২ খন আসনৰ ভিতৰত বিজেপিয়ে এই পৰ্যন্ত দখল কৰিছে ২৫ খন আসন। আগবাঢ়ি আছে ১৩২ খন আসনত। সেই অনুসৰি ১৫৭ খন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে। একেদৰে কংগ্ৰেছে দখল কৰিছে ২ খন আসন। আগবাঢ়ি আছে ১৪ খন আসনত। সেই অনুসৰি অগ্ৰগতি লাভ কৰিছে ১৬ খন আসনত। আম আদমী পাৰ্টী আগবাঢ়ি আছে ৫ খন আসনত, সমাজবাদী পাৰ্টী আগবাঢ়ি আছে এখন আসনত।
এই পৰ্যন্ত বিজেপি আগবাঢ়ি আহিছে ১৫৪ খন আসনত। কংগ্ৰেছ আগবাঢ়ি আছে ২০ খন আসনত। আম আদমী পাৰ্টী আগবাঢ়ি আছে ০৫ খন আসনত আৰু অন্যান্য আগবাঢ়ি আছে ০৩ খন আসনত।
এই মুুহূৰ্তত বিজেপি ১৫৯ খন আসনত আগবাঢ়ি আছে। কংগ্ৰেছ আগবাঢ়ি আছে ১৫ খন আসনত। আম আদমী পাৰ্টী আগবাঢ়ি আছে ৩ খন আসনত।
১৫৪ খন আসনত অগ্ৰগতি বিজেপিৰ, কংগ্ৰেছৰ দখলত ১৮ খন আসন আনহাতে আম আদমি পাৰ্টীৰ দখললৈ ৬ খন আসন
কিন্তু মেজিক নাম্বাৰ স্পৰ্শ কৰাৰ পৰা বিৰত দলটি, ৩৫ খন আসনত অগ্ৰগতি কংগ্ৰেছৰ
বিজেপিৰ অগ্ৰগতি ১৫০ খন আসনত, আম আদমি পাৰ্টীৰ অগ্ৰগতি ৯ খন আসনত তথা কংগ্ৰেছৰ দখললৈ ২১ খন আসনৰ অগ্ৰগতি
বিজেপিৰ দখলত ১৫১ খন আসনৰ অগ্ৰগতি আনহাতে কংগ্ৰেছে ১৮ খন আসনৰ পৰিৱৰ্তে আপৰ অগ্ৰগতি কেৱল ৮ খন আসনত
ভোট গণনাত আধিপত্য বিজেপিৰ ১৪৮ খন আসনৰ অগ্ৰগতিৰে, কংগ্ৰেছে ২২ খন আসনৰ অগ্ৰগতিৰে দ্বিতীয় স্থান দখল কৰাৰ পৰিৱৰ্তে তৃতীয় স্থানত আছে আম আদমি পাৰ্টী সৰ্বমুঠ ৮ খন আসনৰ অগ্ৰগতিৰে
গুজৰাট নিৰ্বাচনৰ ভোটগণনাত অগ্ৰগতি লাভ কৰিছে আম আদমি পাৰ্টীয়ে ৭ খন আসনত, কংগ্ৰেছে ৩১ খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰিতে বিজেপিয়ে লাভ কৰে ১৩৯ খন আসনত অগ্ৰগতি
বিজপিয়ে অগ্ৰগতি লাভ কৰিছে ১৩৫ খন আসনত, কংগ্ৰেছে লাভ কৰিছে ৪১ খন আসনত অগ্ৰগতি আৰু আম আদমি পাৰ্টীৰ পূৰ্বৰ অগ্ৰগতি হ্ৰাস হৈ এতিয়া কেৱল ১খন আসনত অগ্ৰগতি
বিজেপিৰ অগ্ৰগতি ১২৮ খন আসনত, আপৰ অগ্ৰগতি ২ খন আসনত আৰু কংগ্ৰেছে অগ্ৰগতি লাভ কৰে ৪৩ খন আসনত । ঘাটলোৱাদিয়া সমষ্টিৰ প্ৰাৰ্থী তথা গুজৰাটৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল লাভ কৰিছে অগ্ৰগতি
বিজেপিৰ অগ্ৰগতি ১৮ খন আসনত, কংগ্ৰেছৰ ৫ খন আৰু আপৰ ১ খন আসনত অগ্ৰগতি
ভোট গণনা আৰম্ভ হোৱাৰ সৈতেই বিজেপিয়ে অগ্ৰগতি লাভ কৰে ৮ খন আসন আৰু কংগ্ৰেছে অগ্ৰগতি লাভ কৰে ১ খন আসনত...
আজি ৮ বজাৰ পৰা আৰম্ভ কৰা হ'ল বহু প্ৰত্যাশিত গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোট গণনা । সৰ্বমুঠ ১৮২ খন আসনৰ বাবে হোৱা এই মহাৰণৰ ফলাফললৈ মাজত মাথো কেইটামান মূহুৰ্ত । তাৰ পাছতেই ৰাজ্যখনৰ শাসনৰ বাঘজৰী ন্যস্ত হ'ব এটি দলৰ হাতত । বিজেপিৰ বিগত ৭টা কাৰ্যকালৰ সন্মুখীন হোৱা কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ কান্ধত আছে গুৰু দ্বায়িত্ব । ৰাজনৈতিক বিশ্লেষণ অনুসৰি, বিজেপিয়ে ১১৭-১৫১ খন আসন লাভ কৰিব তথা কংগ্ৰেছ আৰু আম আদমি পাৰ্টীয়ে ক্ৰমে, ১৬-৫১ খন আৰু ১৩ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে । তেনেস্থলত ৮ম বাৰৰ বাবে গুজৰাটৰ বাঘজৰী বিজেপিয়ে নিজৰ দখলত ৰাখিবলৈ সফল হ'ব নেকি ? অনহাতে, কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ আক্ৰমণাত্মক নিৰ্বাচনী প্ৰচাৰে সলনি কৰিব সমগ্ৰ দৃশ্যপট ?