মুখ্য-পৃষ্ঠা

গুজৰাটত উত্তৰ ভাৰতীয় সকলৰ ওপৰত আক্ৰমণ, মৰিয়াই হত্যা বিহাৰৰ যুৱকক

asomiyapratidin

ডিজিটেল ডেস্কঃ গুজৰাটত উত্তৰ ভাৰতীয়সকলৰ সৈতে মাৰপিট আৰু দুৰ্ৱবহাৰৰ ঘটনা দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ৰাজ্যখনৰ উদ্যোগিক চহৰ চুৰতত শুকুৰবাৰে বিহাৰৰ গয়া নিৱাসী এজন যুৱকক ৰ'ডেৰে মৰিয়াই হত্যা কৰাৰ ঘটনাই পুনৰ গুজৰাটত কৰ্মৰত উত্তৰ ভাৰতীয়সকলৰ মনত শংকাৰ ভাৱ বৃদ্ধি কৰিছে৷

জানিব পৰা মতে, শুকুৰবাৰে সন্ধিয়া ১৫ বছৰ ধৰি পণ্ডেশ্বৰা অঞ্চলৰ এটা মিলত কৰ্মৰত অমৰিজতে কৰ্মস্থলীৰ পৰা উভতাৰ পথতে একাংশ স্থানীয় লোকে তেওঁক আক্ৰমণ কৰি মৰিয়াই মৰিয়াই হত্যা কৰে৷ দুই সন্তানৰ পিতৃ অমৰজিতে শেহতীয়াকৈ গুজৰাটত এটা ঘৰ ক্ৰয় কৰি স্থায়ীভাৱে বাস কৰি আহিছিল৷

উল্লেখ্য যে, ২৮ চেপ্তেম্বৰত গুজৰাটৰ সাবৰকাণ্ঠা জিলাৰ হিম্মতনগৰত এটি ১৪ মহীয়া শিশুক বলাৎকাৰ কৰি হত্যা কৰাৰ ঘটনা পোহৰলৈ আহে৷ এই ঘটনাৰ পিছতে আৰক্ষীয়ে অনুসন্ধান চলাই বিহাৰৰ ৰবিন্দ্ৰ চাহু নামৰ এজন যুৱকক আটক কৰে৷ ইয়াৰ পিছতে উত্তৰ ভাৰতীয়সকলৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি গুজৰাটৰ একাংশ লোকে তাত কৰ্মৰত উত্তৰ ভাৰতীয়সকলক আক্ৰমণৰ লক্ষ্য হিচাপে বাচি লয়৷

ইফালে, শুকুৰবাৰে সংঘটিত নিৰ্মম হত্যাকাণ্ডৰ তদন্ত চলাই আৰক্ষীয়ে প্ৰায় ৫০০ জনক আটক কৰে যদিও গুজৰাটতত কৰ্মৰত উত্তৰ ভাৰতীয়সকলৰ অধিকাংশই প্ৰাণৰ ভয়ত এতিয়া গুজৰাট এৰি পলায়নৰ যো-জা চলোৱা বুলি জানিব পৰা গৈছে৷