মুখ্য-পৃষ্ঠা

গোৱালপাৰাত মাজ নিশা ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি ছাই হ’ল এখন গাঁও, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ ,গোৱালপাৰা: পশ্চিম গোৱালপাৰাৰ চুনাৰীত সোমবাৰে মাজ নিশা সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড।চুনাৰীৰ ৰৌখোৱা গাওঁপঞ্চয়তৰ অন্তৰ্গত শিঙুলিপাৰা গাঁৱত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত গাঁওখনৰ অধিকাংশ ঘৰ-দুৱাৰ জ্বলি ছাই হৈছে।

গাঁও খনৰ ৩৪টাতকৈ অধিক পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে।মাজনিশা ১২ বজাৰ পিছত সংগঠিত হৈছে এই অগ্নিকাণ্ড।অগ্নিকাণ্ডৰ উৎস অদ্যাপি জানিব পৰা হোৱা নাই।লকডাউনৰ এই ভীষন সংকটৰ সময়ত গাঁও খনৰ অধিকাংশ পৰিয়ালৰ ঘৰ-দুৱাৰ আৰু সা-সম্পত্তি জুইত জাহ যোৱাত গাঁওখনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

১০-১২ কিলোমিটাৰ নিলগত থকা লক্ষীপুৰ নগৰ অগ্নি নিৰ্ব্বাপক বাহিনীৰ দুখনমান জুই নুমুৱা বাহন আছে যদিও দুৰ্গম গাঁও খনলৈ অগ্নি নিৰ্বাপকৰ গাড়ী যাব নোৱাৰাত সম্পূৰ্ণ গাঁওখনেই চকুৰ পচাৰতে জ্বলি ছাই হোৱা বুলি স্থানীয় ৰাইজে জানিব দিয়ে।