মুখ্য-পৃষ্ঠা

গোৱালপাৰাত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক’লে, সবিশেষ…

asomiyapratidin


ডিজিটেল সংবাদ,গোৱালপাৰা: স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই দেওবাৰে দুপৰীয়া ১২ বজাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ পৰিস্থিতিৰ বুজ লয়।চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা দিল্লী নিজামুদ্দিন মাৰ্কাজৰ লগত সংগতি থকা তিনিজনকৈ কোভিড-১৯ আক্ৰান্ত ব্যক্তিৰ স্বাস্থ্যৰ বুজ লোৱাৰ পিছতে হাস্পতালখনৰ সভাকক্ষত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ স'তে এক আলোচনাত মিলিত হৈ প্ৰায় এঘণ্টা ধৰি হাস্পতাল আৰু জিলাখনৰ সামগ্ৰীক পৰিস্থিতিৰ বুজ লয়।

আলোচনাখনত চিকিৎসালয়খনৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক নীলমাধৱ দাস,জিলা উপায়ুক্ত বৰ্ণালী ডেকা,পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলকে ধৰি জিলা স্বাস্থ্য বিভাগৰ কেইবাজনো দায়িত্বশীল বিষয়া-কৰ্মচাৰী উপস্থিত আছিল।ইয়াৰ পিছতে স্বাস্থ্য মন্ত্ৰী শৰ্মাই হাস্পতালৰ সন্মুখত সংবাদ মাধ্যমৰ সৈতে মিলিত হয়।তেওঁ সংবাদ মাধ্যমক কয় যে- কালি নিশা ৯ বজাত চিলচৰ মেডিকেল কলেজত এজন ৰোগী চিনাক্ত হোৱাৰ পিছত ৰাজ্যখনত কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি হৈছে।

ৰোগী জনৰ নাম ছজিবুৰ ৰহমান(৯৭) আৰু এওঁ দিল্লী নিজামুদ্দিন মাৰ্কাজৰ তবলীগত অংশ লৈছিল বুলি সদৰি কৰে।চিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা ৯৭ বছৰীয়া ছজিবুৰ ৰহমান নামৰ কোভিড-১৯ আক্ৰান্ত ৰোগীজন বি এছ এফ'ৰ প্ৰাক্তন জোৱান।ইপিনে গোৱালপাৰা চহৰৰ ক্ৰমে: কিছমৎপুৰৰ খবিৰুদ্দিন ৰহমান,নয়াপাৰাৰ শ্বাহজাহান আলী আহমেদ আৰু মাটিয়া চক্ৰৰ কাৰিপাৰা-বামুণপাৰাৰ ইউছুফ আলীকলৈ চলি থকা আশংকাক লৈও স্বাস্থ্য মন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।এই তিনিওজন কোভিড-১৯ ভাইৰাচত আক্ৰান্ত হোৱা বুলি পুনৰ সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট ঘোষনা কৰি কয় যে- এই ঘাতক ভাইৰাচত আক্ৰান্ত হোৱাৰ পিছতো কোনো এজন ব্যক্তিৰ শৰীৰত কোনো লক্ষণ নাথাকিব পাৰে।

কিন্তু তেজ পৰীক্ষা কৰাৰ পিছত ৰিপোৰ্ট পজেটিভ পালে তেনে ব্যক্তিক গাইডলাইন মতে তৎকালীনভাৱে যাবতীয় ব্যৱস্থা লোৱা হয়।লগতে তেনে ব্যক্তিৰ পৰিয়াল আৰু সংস্পৰ্শলৈ অহা প্ৰতিজনকে কোৱাৰেণ্টাইন কৰা হয়।গোৱালপাৰাৰ এই তিনিজন ব্যক্তিৰ ক্ষেত্ৰতো এই ঘটনাই ঘটিছে।অৱশ্যে গোৱালপাৰাৰ কোভিড ভাইৰাচত আক্ৰান্ত এই তিনিজনৰ দুজনহে দিল্লী নিজামুদ্দিন মাৰ্কাজৰ তবলীগৰ লগত সংগতি থকা আৰু নয়াপাৰাৰ শ্বাহজাহান আলী আহমেদ এই দুজনৰ সংস্পৰ্শলৈ অহাত সংক্ৰমিত হোৱা।তিনিওজনৰ কোভিড-১৯ৰ পজেটিভ ৰিপোৰ্ট জিলা উপায়ুক্ত আৰু বিধায়ক ৰছিদ মণ্ডলৰ হাতত আজি অৰ্পণ কৰা হৈছে।গুৱাহাটীত নমুনা স্কেনিং কৰাৰ পিছত পজেটিভ ৰিপোৰ্ট ওলালে পুনেত ভেৰিফাই কৰি ফলাফল ঘোষণা কৰা হয় বুলি মন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমক জানিব দিয়ে।গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ কোভিড আক্ৰান্ত মনিশ টিবৰাৱালাৰ সংস্পৰ্শলৈ অহা ১০৫ জনৰ পৰীক্ষাৰ ফলাফল দেওবাৰে বিয়লিৰ ভাগত আহিব বুলি কয়।

গোৱালপাৰাৰ কোৱাৰেণ্টাইনত থকা লোকসকলৰো নমুনাৰ ফলাফল সোনকালে আহিব কিন্তু ৰিপোৰ্ট নিগেটিভ আহিলেও ১৪দিনৰ বাবে তেওঁলোক কোৱাৰেণ্টাইনত থাকিব লাগিব বুলি স্পষ্ট কৰে।গোৱালপাৰাত যিসকল চিকিৎসক,নাৰ্ছে এসপ্তাহ কোভিড আক্ৰান্ত ৰোগিক চিকিৎসা কৰিছে তেওঁলোককো কোৱাৰেণ্টাইন কৰিব।ইয়াৰ বাবে সুব্যৱস্থাও কৰিছে স্বাস্থ্য বিভাগে ।সম্পূৰ্ণ চৰকাৰী খৰচত গোৱালপাৰাৰ চিকিৎসক, নাৰ্ছসকলক গুৱাহাটীৰ তাজ হোটেলত ১৪ দিনৰ বাবে আইছ'লেচন কোৱাৰেণ্টাইন কৰা হ'ব বুলি সংবাদ মাধ্যমত কয় স্বাস্থ্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই।

আনহাতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডিয়ে একত্ৰিত ৰূপত দেশবাসীয়ে কোৰোনা ভাইৰাচৰ বিৰুদ্ধে চলোৱা যুঁজৰ প্ৰতিকি হিচাপে দেওবাৰে সন্ধিয়া ন বজাত ঘৰৰ লাইট বন্ধ কৰি চাকি ,ফ্লাচ আদি জ্বলাবলৈ জনোৱা আহ্বানক সফল কৰিবলৈ আহ্বান কৰে।অৱশ্যে ষ্ট্ৰীট লাইটকে ধৰি জৰুৰীকালীন সেৱাৰ লাইট বন্ধ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে কোৱা নাই বুলি তেওঁ দোহাৰে।