মুখ্য-পৃষ্ঠা

পূজাৰ বতৰত ৰে’ল কৰ্মচাৰীসকললৈ সুখবৰ….

asomiyapratidin

ডিজিটেল ডেস্কঃ পূজাৰ বতৰত ৰে'ল কৰ্মচাৰীসকললৈ সুখবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে। উৎসৱৰ সময়ত সমগ্ৰ দেশৰ ৰে'ল কৰ্মচাৰীসকলৰ বাবে ৭৮ দিনৰ দক্ষতা বোনাচ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। বুধবাৰে কেবিনেটৰ বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱড়েকৰে এক সম্বোধন কৰি এই কথা প্ৰকাশ কৰে।

৭৮ দিনৰ এই বোনাচ দিয়াৰ বাবদ কেন্দ্ৰীয় চৰকাৰৰ মুঠ ২ হাজাৰ কোটি টকা ব্যয় হ'ব বুলি জনাইছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তদপুৰি ইয়াৰ দ্বাৰা কমেও ১১ লাখ ৰে'ল কৰ্মচাৰী লাভাৱান্বিত হ'ব বুলি সংবাদ মেলত সদৰী কৰে প্ৰকাশ জাৱড়েকৰে।

আনহাতে বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত ৰে'ল কৰ্মচাৰীৰ বাবে দক্ষতা বোনাচ ঘোষণাৰ উপৰিও ই-চিগাৰেটৰ উৎপাদ, বিক্ৰী, সঞ্চয় আৰু আমদানি-ৰপ্তানীত নিষেধাজ্ঞা জাৰি কৰে কেন্দ্ৰীয় চৰকাৰে।