মুখ্য-পৃষ্ঠা

শনিবাৰে পুনৰ প্ৰতিবাদী কৃষকৰ সৈতে আলোচনাত বহিব কেন্দ্ৰীয় চৰকাৰ…

asomiyapratidin

ডিজিটেল ডেস্ক : দিল্লীত কৃষকৰ প্ৰতিবাদ বৰ্তমানেও অব্যাহত আছে । কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে কৃষক সকলৰ সৈতে আলোচনাত মিলিত হয় যদিও কোনো সমাধান নহ'ল । বৃহস্পতি বাৰে আলোচনাৰ শেষত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে কৃষকৰ সৈতে আলোচনা এক সৌহাৰ্দ্যপূৰ্ণ পৰিবেশত হৈছিল বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

কৃষি মন্ত্ৰীয়ে কয় যে এই বিষয়ত কৃষকৰ সৈতে এয়া চতুৰ্থখন সভা।শনিবাৰে বিয়লি ২ বজাত পুনৰ কৃষক সকলৰ সৈতে সভা অনুষ্ঠিত হ'ব আৰু সেইদিনটোত হয়টো এই সম্পৰ্কে এটি সিদ্ধান্ত হ'ব।কৃষকৰ আন্দোলন প্ৰত্যাহাৰ সন্দৰ্ভত কোনো ধনৰ আলোচনা নাইহোৱা বুলি সংবাদ মাধ্যমক জনাই কেন্দ্ৰীয় কৃষিমন্ত্ৰী গৰাকীয়ে ।