মুখ্য-পৃষ্ঠা

কোৰোনাৰ দ্বিতীয়টো পৰ্যায় ভাৰতত আৰম্ভ হ’ব নেকি!

asomiyapratidin

ডিজিটেল ডেস্কঃ বিগত কেইটামান দিনত দেশত কোৰোনাৰ প্ৰকোপ ক্ৰমান্বয়ে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। কিন্তু বহুকেইখন দেশৰ দৰে কোৰোনা ভাইৰাছৰ দ্বিতীয়টো পৰ্যায়ে পুনৰ জুৰুলা কৰিব নেকি ভাৰতক।

এই প্ৰশ্ন বহুতৰে মনত উদয় হোৱাৰ সময়তে, কোৰোনাকেন্দ্ৰিক এই পৰিস্থিতিৰ ওপৰত চকু ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটিখনে আশংকা প্ৰকাশ কৰিছে যে, ভাৰতত কোৰোনাৰ দ্বিতীয় পৰ্যায় যে নাহিব, সেই কথা ন দি কব নোৱাৰি।

কমিটিখনে লগতে কয়, কোৰোনাৰ দ্বিতীয়টো পৰ্যায় ভাৰতত যাতে নাহে তাৰবাবে সৰ্তকতা অৱলম্বন কৰিব লাগিব। এতিয়াৰ দৰে বহু ক্ষেত্ৰত সৰ্তকতা পালন কৰিবলৈ আহ্বান জনালে কমিটিখনে।