মুখ্য-পৃষ্ঠা

আশাকৰ্মীৰ বিভিন্ন দাবীৰে গৰৈমাৰীত উত্তাল প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ, গৰৈমাৰীঃ অসম ৰাজ্যিক আশা ইউনিয়ৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ অধীনস্থ আশাকৰ্মীসকলৰ বিভিন্ন দাবীৰ সমৰ্থনত বৃহস্পতিবাৰে দুপৰীয়া গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰ চৌহদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷

জানিব পৰামতে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ দুই শতাধিক আশাকৰ্মীয়ে বৃহস্পতিবাৰে গৰৈমাৰীত হাতে হাতে প্লেকাৰ্ড, বেনাৰ আদি প্ৰদৰ্শন কৰি আশাকৰ্মীসকলক স্বাস্থ্য বিভাগৰ নিয়মীয়া কৰ্মী হিচাবে স্বীকৃতি দিয়ক, আশাকৰ্মীৰ নূন্যতম দৰমহা ১৮,০০০ টকা ঘোষণা কৰা, আশাকৰ্মীৰ সামাজিক সুৰক্ষাৰ ব‍্যৱস্থা কৰা, আশাকৰ্মীৰ ওপৰত থকা বৰ্ধিত কামৰ বোজা হ্ৰাস কৰা, আশাকৰ্মীৰ কামৰ নিৰ্দিষ্টতা নিৰূপন কৰা, আশাকৰ্মীৰ ৪৫ আৰু ৪৬সংখ্যক ভাৰতীয় শ্ৰম সন্মিলনৰ অনুমোদন কাৰ্যকৰী কৰা, সকলো আশাকৰ্মীকে কোৰোণা কালত কৰা সেৱাৰ বাবে মাহিলী ৭,৫০০টকা আদায় দিয়া, ৰাজহুৱা খণ্ডৰ স্বাস্থ্য ব‍্যৱস্থা শক্তিশালী কৰা আৰু স্বাস্থ্য খণ্ডৰ বাজেট বৃদ্ধি কৰা আদি শ্ল'গান দি পৰিবেশ উত্তাল কৰি তোলে৷